ছয়গাঁৱৰ সাতগাঁও মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা সজাগতা সভা তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, June 28, 2023

ছয়গাঁৱৰ সাতগাঁও মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা সজাগতা সভা তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন

 ছয়গাঁৱৰ সাতগাঁও মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা সজাগতা সভা 

 তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন

'জনসেৱা লাইভ' ২৮ জুনঃ দক্ষিণ কামৰূপৰ ছয়গাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত সাতগাঁও মধ্য ইংৰাজী বিদ্যালয়ত আজি এখন শিক্ষা সজাগতা সভা অনুষ্ঠিত হোৱাৰ লগতে তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। একেৰাহে তিনিবাৰকৈ গুণোৎসৱত এ প্লাছ লাভ কৰা এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বকো শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ডি এল এড প্ৰশিক্ষাৰ্থীৰ সহযোগত প্ৰকাশ কৰা বিজ্ঞান বিষয়ক প্ৰাচীৰ পত্ৰিকা 'প্ৰতিফলন' উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ডঃ গণেশ্বৰ চহৰীয়ায়। সাধাৰণ জ্ঞান বিষয়ক প্ৰাচীৰ পত্ৰিকা 'পলস' উন্মোচন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল ঠাকুৰীয়ায়। আনহাতে গণিত বিষয়ক প্ৰাচীৰ পত্ৰিকা 'অসীম' উন্মোচন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকায়। ইয়াৰ পিছত সাতগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক থানেশ্বৰ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত শিক্ষা সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষক তথা বিশিষ্ট গল্পকাৰ যোগীৰাজ মেধিয়ে।এই সভাত ভাষণ ৰাখি ছয়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল ঠাকুৰীয়াই ছাত্ৰ ছাত্ৰীসকলক সততা আৰু নৈতিকতাৰে কঠোৰ পৰিশ্ৰম কৰাৰ বাবে আহ্বান জনায়। বিশিষ্ট শিক্ষাবিদ ডঃ গণেশ্বৰ চহৰীয়াই ভাষণ ৰাখি অভিভাৱকসকলক সুন্দৰ পৰামৰ্শ প্ৰদান কৰে।আন এগৰাকী অতিথি ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকাই ভাষণ প্ৰদান কৰি শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ তিনিকোণীয়া প্ৰচেষ্টাই শিক্ষাৰ জৰিয়তে জ্ঞানৰ জেউতি বিলাই জগত পোহৰ কৰি তোলাৰ কথা দোহাৰি জীৱন বাটৰ সকলো প্ৰত্যাহ্বান হেলাৰঙে প্ৰতিহত কৰিবলৈ আহ্বান জনায়। এই সভাত বকো শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপিকা নৱ পূৰৱী ৰাভা,দীম্পি দাস, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৃপেন কৈৱৰ্ত,সাত তালুক গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ পংকজ ভঁৰালীকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বৃন্দ গীত, দলীয় নৃত্য আৰু কবিতা আবৃত্তি পৰিৱেশন কৰি এই সজাগতা সভাত উপস্থিত সকলোকে আপ্লুত কৰে।

Post Bottom Ad

Responsive Ads Here