কামৰূপ জিলাৰ পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, June 28, 2023

কামৰূপ জিলাৰ পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

 কামৰূপ জিলাৰ পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত


কামৰূপ, আমিনগাওঁ, ২৮ জুনঃকামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি জিলা উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ কীৰ্তি জল্লীৰ অধ্যক্ষতাত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে পথ সুৰক্ষাৰ দিশত লবলগীয়া ব্যৱস্থাৱলী সম্বন্ধে প্ৰদান কৰা নিৰ্দেশনা সমূহ সঠিক ৰূপত কাৰ্যকৰী কৰাৰ বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। জিলাখনৰ আটাইকেইটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, থানা সমূহৰ ভাৰপ্ৰাপ্ত বিষয়া, এন.এইচ. এ. আই., লোকনিৰ্মাণ (পথ), স্বাস্থ্য, আৱকাৰী, জিলা দুৰ্যোগ ব্যৱস্থাপনা ইত্যাদি বিভাগৰ প্ৰতিনিধি সকল তথা জিলা পথ সুৰক্ষা সমিতিৰ সকলো সদস্যৰ উপস্থিতিত অনুষ্ঠিত উক্ত বৈঠকত শেহতীয়াকৈ জিলাখনত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ সংখ্যাৰ লগতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা হ্ৰাস কৰাৰ দিশত সংশ্লিষ্ট বিভাগ সমূহে  লবলগীয়া ব্যৱস্থাৱলীৰ বিতং আলোচনা কৰা হয়। উল্লেখ্য যে কামৰূপ জিলাত বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা মে’ মাহৰ সময়ছোৱাতকৈ এই বৰ্ষৰ উক্ত সময়ছোৱাত পথ দুৰ্ঘটনাৰ সংখ্যা ১৮.৪১ শতাংশ, দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ৩০.২১ শতাংশ আৰু দুৰ্ঘটনাত জখম হোৱাৰ সংখ্যা ৮.৫১ শতাংশ বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি অনুষ্ঠিত হোৱা এই বৈঠকত ইয়াৰ প্ৰতিকাৰৰ বাবে আৰক্ষী, চক্ৰ বিষয়া, আৱকাৰী ইত্যাদি বিভাগৰ দ্বাৰা সমন্বিত প্ৰচেষ্টা লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বাহনৰ তীব্ৰ গতি, মদ্যপান কৰি গাড়ী চালনা তথা দুচকীয়া বাহনত হেলমেট পৰিধান নকৰি গাড়ী চালনা কৰাৰ বাবে অধিক দুৰ্ঘটনা সংঘটিত হোৱা তথা দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা বৃদ্ধিৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি জিলা উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষই সংশ্লিষ্ট এলেকাৰ চক্ৰ বিষয়া আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলক যুটীয়াভাৱে পথৰ তালাচী ব্যৱস্থা আৰু অধিক সক্ৰিয় কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে। তদুপৰি জিলা পৰিবহন বিষয়াকো নিয়ম নমনা এনে ধৰণৰ চালকৰ অনুজ্ঞা পত্ৰ বাতিল তীব্ৰতৰ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। জিলাখনত লোকনিৰ্মাণ (পথ)ৰ ১২টা ইতিমধ্যে চিনাক্তকৰণ হৈ থকা অতি দুৰ্ঘটনা প্ৰৱণ পথৰ অংশ পৰিদৰ্শন কৰি সংশোধনীৰ কি ব্যৱস্থা লব পৰা যায় সেই সম্পৰ্কে যুটীযাভাৱে পৰিদৰ্শন কৰাৰ বাবেও উপায়ুক্তই আজিৰ বৈঠকতে সংশ্লিষ্ট এলেকাৰ চক্ৰ বিষয়া, থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু লোকনিৰ্মাণ (পথ) বিভাগৰ বিষয়া সকলক নিৰ্দেশ দিয়ে যাতে এই পথৰ অংশ খিনিত দুৰ্ঘটনাৰ সংখ্যা কমাব পৰা যায়। তদুপৰি জিলাখনৰ এন.এইচ.এ.আই.ৰ ২ টা, পি. ডব্লিউ.ডি. (এন.এইচ. আই)ৰ ৪টা ইতিমধ্যে চিনাক্ত হোৱা অতি দুৰ্ঘটনা প্ৰৱণ পথৰ অংশৰ ক্ষেত্ৰটো যথা সম্ভৱ সংশোধনীৰ ব্যৱস্থা লবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষ সমূহক কোৱা হয়। মদ্যপান কৰি গাড়ী চালনা কৰা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে ৰাষ্ট্ৰীয় ঘাই পথৰ ধাবা সমূহত যাতে নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিব পৰা যায় তাৰ বাবে অচিৰেই এক কৰ্মবাহিনী গঠন কৰাৰ বিষয়টো আজিৰ বৈঠকত আলোচনা কৰা হয়। তদুপৰি ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী পথ সমূহৰ ক্ষেত্ৰত গতিৰোধককে ধৰি যাৱতীয় সংশোধনী মূলক ব্যৱস্থা লোৱাৰ বাবেও জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।  যুৱ সমাজৰ মাজত পথ সুৰক্ষাৰ বিষয়ত আৰু অধিক সজাগতা সৃষ্টি কৰাৰ বাবে প্ৰতিখন শিক্ষানুষ্ঠানতে পথ সুৰক্ষা ক্লাৱ গঠনৰ বাবেও পদক্ষেপ লবলৈ তেওঁ নিৰ্দেশ দিয়ে। বৈঠকত অধ্যক্ষতা কৰি জিলা উপায়ুক্ত তথা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ গৰাকীয়ে সমগ্ৰ জিলা খনতে যাতে দুৰ্ঘটনা আৰু দুৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰা লোকৰ সংখ্য কমাব পৰা যায় সেই সম্বৰ্কত সমন্বিত আৰু সক্ৰিয় ব্যৱস্থা লোৱাৰ বাবে সংশ্লিষ্ট বিভাগ সমূহক আহ্বান জনায়। এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে কিছু হ্ৰস্বম্যাদী ব্যৱস্থা লোৱাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। আজিৰ বৈঠকতে জেষ্ঠ শৈল্য চিকিৎসক তথা একাডেমী অফ্ ট্ৰ’মাৰ অৱৈতনিক সচিব ডাঃ ইউ.কে. তামুলীয়ে দৰ্ঘটনাত পতিত হোৱা ব্যক্তিৰ প্ৰাথমিক চিকিৎসা তথা চিকিৎসালয়লৈ নিয়াৰ দিশত পালন কৰিবলগীয়া বিভিন্ন বিষয় সামৰি এক প্ৰজেন্টেশ্যন আগবঢ়ায়। বৈঠকত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দ্বীপন বৰ্মন, মহকুমাধিপতি (সদৰ) শ্যামন্ত ৰবি বাৰা, জিলাখনৰ চক্ৰ বিষয়া সকল, থানা সমূহৰ ভাৰপ্ৰাপ্ত বিষয়া সকলকে ধৰি সংশ্লিষ্ট বিভাগৰ বিষয়া সকলে অংশ লয়।

Post Bottom Ad

Responsive Ads Here