স্বাধীনতা সংগ্ৰামৰ সৈনিক শিৱ দাস ঘোষৰ জন্ম শতবাৰ্ষিকী
'জনসেৱা লাইভ' : বৃটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ আপোচহীন ধাৰাৰ সৈনিক এই যুগৰ মহান মাৰ্ক্সবাদী দাৰ্শনিক, শিক্ষক, এছ ইউ চি আই (কমিউনিষ্ট) দলৰ প্ৰতিষ্ঠাপক প্ৰয়াত কমৰেড শিবদাস ঘোষৰ জন্ম শতবাৰ্ষিকী আজি ছয়গাঁৱৰ কাহুৱাত পালন কৰে। এই উপলক্ষে মৃদুল ৰাভাৰ পৰিচালনাত এখন আলোচনা সভা অনুষ্ঠিত হয়। সভাত বক্তব্য ৰাখে এছ ইউ চি আই (কমিউনিষ্ট) দলৰ ৰাজ্যিক কমিটিৰ সদস্য যথাক্ৰমে তুষাৰ পুৰকায়ষ্ঠ আৰু শিশিৰ কুমাৰ কাকতিয়ে। দুয়োগৰাকী বক্তাই স্বাধীনতা আন্দোলনত কমৰেড শিবদাস ঘোষৰ ভূমিকা সম্পৰ্কে উল্লেখ কৰে। বক্তব্যত উল্লেখ কৰা অনুসৰি সুদীৰ্ঘ দিন জেইলত থাকোতেই কমৰেড ঘোষে অনুভৱ কৰিছিল যে দেশত এটা প্ৰকৃত বিপ্লৱী দল নাথাকিলে দেশৰ আপামৰ সাধাৰণ গৰীৱ মেহনতী মানুহৰ কেতিয়াও মুক্তি নাহিব। সেয়েহে তেখেতে জেলৰ পৰা ওলাই আহিয়েই মাৰ্ক্সবাদী চিন্তাৰ ভিত্তিত আপোচহীন সংগ্ৰামী কিছুমানক লগত লৈ এছ ইউ চি আই (কমিউনিষ্ট) নামেৰে এটা প্ৰকৃত বিপ্লৱী দল গঠন কৰে । দলৰ প্ৰতিষ্ঠাপক কমৰেড শিবদাস ঘোষৰ চিন্তাৰ ভিত্তিত বৰ্তমান সময়ৰ প্ৰেক্ষাপটত বিভিন্ন গণ আন্দোলনৰ শক্তি এই দলটোক শক্তিশালী কৰি গঢ়ি তুলিবলৈ আটাইলৈ আহ্বান জনায়। সভাত সমজুৱাৰ ফালৰ পৰা কনক চন্দ্ৰ ৰাভাইও বক্তব্য প্ৰদান কৰে।