শঙ্কৰদেৱ বিদ্যামন্দিৰৰ প্ৰাচীৰ 'কমলাক্ষী' উন্মোচন
'জনসেৱা লাইভ', ২১ জুন : দক্ষিণ কামৰূপৰ কুকুৰমাৰাস্থিত 'শঙ্কৰদেৱ বিদ্যামন্দিৰ' প্ৰাচীৰ পত্ৰিকা 'কমলাক্ষী'ৰ প্ৰথম বৰ্ষৰ দ্বিতীয় সংখ্যাটি ২০ জুনত উন্মোচন কৰে। বিদ্যামন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি প্ৰাচীৰ পত্ৰিকা খন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী মণিৰাম দাসে। 'কমলাক্ষী' উন্মোচন কৰি দিয়া ভাষণত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে তেওঁৰ ভাষণত 'শঙ্কৰদেৱ বিদ্যামন্দিৰ'য়ে বৃহত্তৰ কুকুৰমাৰা অঞ্চলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব বুলি কয়। লগতে বিদ্যামন্দিৰত হাতে লিখা আৰু ছপা আলোচনীৰ প্ৰয়োজন বুলিও উল্লেখ কৰে। ইয়াৰ পিছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰে আচাৰ্যা কণিকা দাসে। লগতে তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে ছাত্ৰী দিপাস্মিতা দাস আৰু তনুশ্ৰী কলিতাইও বক্তব্য ৰাখে। বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ- ছাত্ৰীৰ মাজত বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ আধাৰত অনুষ্ঠিত নৃত্য প্ৰতিযোগিতাত চতুৰ্থ শ্ৰেণীৰ ধৃতিস্মিতা কলিতাই প্ৰথম স্থান আৰু পঞ্চম শ্ৰেণীৰ দৃষ্টি দাসে দ্বিতীয় স্থান লাভ কৰে। ৰাভা সংগীত প্ৰতিযোগিতাত পঞ্চম শ্ৰেণীৰ অনুৰাগ দাস প্ৰথম, তৃতীয় শ্ৰেণীৰ তনুশ্ৰী কলিতা দ্বিতীয় স্থান আৰু দ্বিতীয় শ্ৰেণীৰ দিশা দাসে নিচুকনি বঁটা লাভ কৰে। আবৃত্তি প্ৰতিযোগিতা 'ক' শাখাত দ্বিতীয় শ্ৰেণীৰ কৃষান্ত শৰ্মা প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ উদ্দীপ্তা দাসে দ্বিতীয় স্থান লাভ কৰে। 'খ' শাখাত চতুৰ্থ শ্ৰেণীৰ মুন্মী দাস প্ৰথম আৰু দ্বিতীয় স্থান দ্বৈত ভাবে ক্ৰমে তৃতীয় শ্ৰেণীৰ তনুশ্ৰী কলিতা আৰু পঞ্চম শ্ৰেণীৰ দিপাস্মিতা দাসে লাভ কৰে।