ছয়গাঁও সমষ্টি বাহাল ৰখাৰ দাবীত নাগৰিক সমাজৰ স্মাৰক পত্ৰ প্ৰদান - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, June 28, 2023

ছয়গাঁও সমষ্টি বাহাল ৰখাৰ দাবীত নাগৰিক সমাজৰ স্মাৰক পত্ৰ প্ৰদান

 ছয়গাঁও সমষ্টি বাহাল ৰখাৰ দাবীত নাগৰিক সমাজৰ স্মাৰক পত্ৰ প্ৰদান


'জনসেৱা লাইভ', ২৮ জুন : নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিৰ নাম কৰ্তন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। আজি  ছয়গাঁও নাগৰিক সমাজৰ উদ্যোগত  এক প্ৰতিবাদী সমদল উলিয়াই । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰাত ৪৯ নং ছয়গাঁও বিলুপ্তি ঘটাই বকো আৰু নৱগঠিত ছমৰীয়া সমষ্টিত অন্তৰ্ভুক্ত কৰিছে । সেয়ে ১৯৬৭ চনতে গঠন কৰা ঐতিহাসিক ছয়গাঁও সমষ্টিটো পুনৰ বাহাল ৰখাৰ দাবীত আজি প্ৰতিবাদী সমদল উলিয়াই । বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণেৰে ছয়গাঁও ৰাসক্ষেত্ৰৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটোত অংশগ্ৰহণকাৰী সকলে নিৰ্বাচন আয়োগ হাই হাই, ছয়গাঁও সমষ্টি ৰক্ষা কৰক ৰক্ষা কৰক, ছয়গাঁও সমষ্টি বাহাল ৰাখক, ছয়গাঁও সমষ্টি বাতিলকৰণ নচলিব, ছয়গাঁও সমষ্টি বিলুপ্তিকৰণ নচলিব আদি  শ্লোগানৰ প্লেকাৰ্ড লৈ সমদল কৰে।  পিছত প্ৰতিবাদকাৰী সকলে ছয়গাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ গৈ ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ভাৰতীয় নিৰ্বাচন আয়োগৰ সচিবলৈ ৪৯ নং ছয়গাঁও সমষ্টি বাহাল ৰখাৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে । স্মাৰক পত্ৰত উল্লেখ কৰা মতে ইতিহাস প্ৰসিদ্ধ চান্দ সদাগৰৰ পুৰণি ৰাজ্য ছয়গাঁৱত শক্তিপীঠ চণ্ডিকা দেৱালয়ৰ লগতে ছয়গাঁৱৰ মথুৰা পাহাৰত শ্ৰীকৃষ্ণৰ পদযুগল অংকিত বৃহৎ শীলাখণ্ডত গঢ় লৈ উঠা মথুৰাপুৰী থানে ছয়গাঁৱৰ পৌৰাণিক ঐতিহ্য বহন কৰি আছে । আনহাতে প্ৰশাসনিক দিশৰ পৰাও ছয়গাঁৱত দুটা ৰাজহ চক্ৰ ক্ৰমে ছয়গাঁও আৰু গৰৈমাৰী, ৩ টা উন্নয়ন খণ্ড ছয়গাঁও, বনগাঁও আৰু গৰৈমাৰী, ১৯ খন গাঁও পঞ্চায়ত, ৪ খন মৌজাৰ উপৰিও আইন শৃংখলা ৰক্ষাৰ বাবে ছয়গাঁও আৰক্ষী থানাৰ লগতে ৬ খনকৈ আৰক্ষী চকীৰে সুন্দৰ এক প্ৰশাসনিক ক্ষেত্ৰ হিচাপে বিবেচিত । বিভিন্ন জনগোষ্ঠীৰ মিলন তীৰ্থ, ভৌগোলিক দিশৰ পৰাও গুৰুত্বপূৰ্ণ ১৯৬৭ চনতে বিধান সভাৰ স্বীকৃতি পোৱা ছয়গাঁও সমষ্টিটোৱে ২০২৩ চনলৈ ৫৭ বছৰীয়া দীঘলীয়া এক পৰিক্ৰমা অতিক্ৰম কৰিলে । সেয়ে ছয়গাঁও সমষ্টিটো পুনৰ বাহাল ৰাখাৰ দাবী জনায়।

Post Bottom Ad

Responsive Ads Here