সমগ্ৰ শিক্ষা,কামৰূপৰ উদ্যোগত বটা প্ৰদান অনুষ্ঠান - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

সমগ্ৰ শিক্ষা,কামৰূপৰ উদ্যোগত বটা প্ৰদান অনুষ্ঠান

সমগ্ৰ শিক্ষা,কামৰূপৰ উদ্যোগত বটা প্ৰদান অনুষ্ঠান

আমিনগাঁও,৩০এপ্ৰিল,২০২৩ :মিৰ্জাস্থিত শ্বহীদ ভৱনত সমগ্ৰ শিক্ষা, কামৰূপৰ উদ্যোগত শনিবাৰে জিলা পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা মিছন সমন্বয়ক অপূৰ্ব ঠাকুৰীয়াই  বিদ্যালয় এখনৰ সামগ্ৰিক উন্নয়নত বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটৰ দায়িত্ব তথা কৰ্তব্যৰ বিষয়ে  বিস্তৃত ভাবে কোৱাৰ লগতে নতুন শিক্ষা নীতিৰ আধাৰত বিদ্যালয় সমূহ আগবঢ়াই নিয়াৰ বাবে  সামূহিক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তদুপৰি, গুণোৎসৱত উন্নত ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয় সমূহক অভিনন্দন জনোৱাৰ লগতে তুলনামূলকভাৱে বেয়া ফল দেখুওৱা বিদ্যালয় সমূহৰ ক্ষেত্ৰত বিশেষ সংশোধনীমূলক ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত  'ঘৰে ঘৰে ত্ৰিৰঙ্গা পতাকা' কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত হোৱা 'মোৰ তুলিকাত জাতীয় পতাকা' শীর্ষক চিত্ৰাংকন প্ৰতিযোগিতাত  শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা জিলাখনৰ ৭৫ গৰাকী ছাত্র-ছাত্ৰীক সমগ্র শিক্ষা, কামৰূপৰ ফালৰ পৰা প্ৰমাণ পত্ৰ তথা স্মাৰক বঁটা প্ৰদান কৰা হয় । বঁটা প্ৰদান অনুষ্ঠানটো পৰিচালনা কৰে সমগ্ৰ শিক্ষা, কামৰূপৰ জিলা আঁচনি বিষয়া  চুইটি বেজবৰুৱাই।   উল্লেখযোগ্য যে  'মোৰ তুলিকাত জাতীয় পতাকা' শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাত কামৰূপ জিলাৰ এক লাখৰো অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল ।  অনুষ্ঠানত ২০২২-২০২৩ বৰ্ষৰ বাবে কামৰূপ জিলাৰ ২২১খন শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি  আৰু শ্ৰেষ্ঠ মাতৃগোটক সম্বৰ্ধনা জ্ঞাপন আৰু স্মাৰক প্ৰদান আৰু .পঢ়ক আৰু পঢ়ুৱাওক কাৰ্যসূচীৰ অধীনত হাতেলিখা আলোচনী প্ৰতিযোগিতাত বিজয়ী ১৫ খন বিদ্যালয়লৈ পুৰস্কাৰ  প্ৰদান কৰা হয়। সভাত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, লেখক ড° গজেন্দ্র অধিকাৰীয়ে সমাজত শিক্ষকৰ ভূমিকা তথা বিদ্যালয়ত ৰাইজৰ অংশগ্রহণৰ গুৰুত্বৰ বিষয়ে   ভাষণ প্ৰদান কৰে । লগতে তেখেতে শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ উদ্যোগত প্ৰকাশিত ই-আলোচনী 'জ্ঞানম'ৰ তৃতীয় বৰ্ষৰ তৃতীয় সংখ্যাৰ শুভ উন্মোচন কৰি জ্ঞানমে সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত  দায়িত্ব বহন কৰিব লাগিব বুলি মত ব্যক্ত কৰে । অনুষ্ঠানত কামৰূপ জিলাৰ ছাত্ৰ সন্থাৰ সম্পাদক বেদব্ৰত দাস,ASER  ৰাজ্যিক সমন্বয়ক তাপসী মজুমদাৰ,জ্ঞানম ই আলোচনীৰ তত্বাবধায়ক ফুলপাহি নাথকে প্ৰমুখ্য কৰি ৫০০ ৰো অধিক বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোট,জিলা তথা খণ্ড পৰ্যায়ৰ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী,শৈক্ষিক গোট জ্ঞানমৰ সভাপতি, কাৰ্যকৰী সভাপতি,জ্ঞানম আলোচনীৰ সম্পাদক,সহ সম্পাদকদ্বয় আৰু সদস্য বৃন্দই অংশগ্ৰহণ কৰে।


 

Post Bottom Ad

Responsive Ads Here