ছয়গাঁও মহাবিদ্যালয়ত "বহনক্ষম উন্নয়ন আৰু বহনক্ষম জীৱিকা" শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সামৰণি - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, April 26, 2023

ছয়গাঁও মহাবিদ্যালয়ত "বহনক্ষম উন্নয়ন আৰু বহনক্ষম জীৱিকা" শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সামৰণি

 ছয়গাঁও মহাবিদ্যালয়ত "বহনক্ষম উন্নয়ন আৰু বহনক্ষম জীৱিকা" শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সামৰণি

জনসেৱা লাইভ, ২৬ এপ্ৰিল: ছয়গাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত তথা মহাবিদ্যালয়খনৰ আলোচনা চক্ৰ বিভাগ আৰু আভ্যন্তৰীণ মান প্ৰত্যয়ন কোষৰ সহযোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে  অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনিৰ আজি সামৰণি পৰে। ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ (আই চি এছ এছ আৰ) অৰ্থ সাহায্যত অনুষ্ঠিত 'বহনক্ষম উন্নয়ন আৰু বহনক্ষম জীৱিকা ' শীৰ্ষক এই আলোচনা চক্ৰ সমান্তৰালভাৱে তিনিটা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বিয়লি মহাবিদ্যালয়খনৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনিৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ডঃ প্ৰশান্ত শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা ডঃ নিবেদিতা গোস্বামী সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও আলোচনা চক্ৰৰ সমল ব্যক্তি হিচাপেও অংশগ্ৰহণ কৰে। ছয়গাঁও মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ নগেন কলিতা মুখ্য অতিথি হিচাপে উপস্থিত থকা এই সামৰণি অনুষ্ঠানৰ আঁত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই ছয়গাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা তথা আলোচনা চক্ৰৰ সমন্বয়ক ডঃ দীপিকা দাসে। এই অনুষ্ঠানতে আলোচনা চক্ৰৰ অংশগ্ৰহণকাৰীসকলক প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰা হয়।



Post Bottom Ad

Responsive Ads Here