আমিনগাঁৱত বিশেষ চিকিৎসা শিৱিৰ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Monday, April 24, 2023

আমিনগাঁৱত বিশেষ চিকিৎসা শিৱিৰ

আমিনগাঁৱত বিশেষ চিকিৎসা শিৱিৰ

আমিনগাঁও, ২৪ এপ্ৰিল: উত্তৰ গুৱাহাটীৰ আমিনগাঁওৰ কিছু অঞ্চলত হেপাটাইটিচ ‘এ’ ৰোগ হোৱাৰ পৰিপ্ৰেক্ষিতত আজি আমিনগাঁওৰ পূৱ কলনীৰ মাঁ-মনসা মন্দিৰত এক স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয়। এই শিৱিৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভেষজ বিশেষজ্ঞ, শিশু বিশেষজ্ঞকে ধৰি জিলাৰ চিকিৎসা বিষয়া সকলে চিকিৎসা সেৱা আগবঢ়ায়। আজি ৩৬৩ গৰাকী শিশুকে ধৰি সৰ্বমুঠ ৫৫০ গৰাকী লোকে এই শিৱিৰত চিকিৎসা সেৱা লাভ কৰে। তদুপৰি ১৬৭ টা তেজৰ নমুনা পৰীক্ষা কৰা হয়। শিৱিৰত ৰোগী সকলক বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। তদুপৰি ভ্ৰাম্যমান চিকিৎসা গোটেও এই শিৱিৰত ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষা কৰে। ইয়াৰ উপৰি হেপাটাইটিচ ‘এ’ ৰোগৰ প্ৰতিৰোধ সম্পৰ্কে স্বাস্থ্য বিষয়া সকলে সজাগতাৰ কাৰ্যসূচীও অনুষ্ঠিত কৰে। কামৰূপ জিলাৰ স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালকে জনসাধাৰণক এই ৰোগৰ লক্ষণ যেনে- জ্বৰ, পাতল পাইখানা, শৰীৰৰ বিষ ইত্যাদি দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। তদুপৰি বিশুদ্ধ খোৱা পানী আৰু স্বাস্থ্য সন্মত আহাৰ গ্ৰহণেৰে এই ৰোগ প্ৰতিৰোধৰ বাবে আহ্বান জনাইছে।


 

Post Bottom Ad

Responsive Ads Here