কালিকান্ত নিউজ এজেঞ্চিৰ স্বত্বাধিকাৰী-সাংবাদিক বিমল শৰ্মাক সম্বৰ্ধনা - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

কালিকান্ত নিউজ এজেঞ্চিৰ স্বত্বাধিকাৰী-সাংবাদিক বিমল শৰ্মাক সম্বৰ্ধনা

কালিকান্ত নিউজ এজেঞ্চিৰ স্বত্বাধিকাৰী-সাংবাদিক বিমল শৰ্মাক  সম্বৰ্ধনা
ৰামপুৰ, ৩০ এপ্ৰিল : দক্ষিণ কামৰূপৰ আগশাৰীৰ বাতৰি কাকত পৰিৱেশক ৰামপুৰস্থিত কালিকান্ত নিউজ এজেঞ্চিৰ স্বত্বাধিকাৰী তথা অসমীয়া খবৰৰ  সাংবাদিক বিমল শৰ্মাক আজি ঐতিহাসিক শ্ৰীশ্ৰী খিদিৰপুখুৰী সত্ৰই বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। আজি এজেঞ্চিটোৱে ২১ বছৰ পূৰ্তি কৰা উপলক্ষে সত্ৰৰ জিৰণিচৰাত এই উপলক্ষে সম্বৰ্ধনা অনুষ্ঠানটোৰ আয়োজন কৰা হয়। সত্ৰখনৰ সত্ৰাধিকাৰ প্ৰণৱানন্দ দেৱ গোস্বামীয়ে মংগলাচৰনম্ পাঠ কৰাৰ পিছত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি ডেকা অধিকাৰ ৰংগনানন্দ দেৱ গোস্বামীয়ে কালিকান্ত নিউজ এজেঞ্চিয়ে সুদীৰ্ঘ দুটা দশকতকৈও অধিক সময় ৰামপুৰ মৌজাৰ বিভিন্ন ঠাইলৈ বাতৰি কাকত-আলোচনীৰ সেৱা আগবঢ়াই থাকি এটা যুগৰ সৃষ্টি কৰা বুলি কয়। অনেক প্ৰত্যাহ্বান অতিক্ৰমী মানুহৰ চাহিদা অনুযায়ী কাকত যোগান অব্যাহত ৰখাটো এটা আদৰ্শমূলক দৃষ্টান্ত বুলি মন্তব্য কৰে ডেকা অধিকাৰ গোস্বামীয়ে। ২০০২ চনৰ ১ মেত মাত্ৰ পাঁচশ টকা মূলধনেৰে আৰম্ভ কৰা বাতৰি কাকত-আলোচনীৰ সেৱা বৰ্তমান এটা আগশাৰীৰ সেৱালৈ উন্নত হোৱাৰ আঁৰত শুভাকাংক্ষী সকলৰ গঠনমূলক দিহা-পৰামৰ্শ আৰু সহযোগিতা আছে বুলি মন্তব্য কৰে স্বত্বাধিকাৰী তথা সাংবাদিক বিমল শৰ্মাই। বাৰিষাৰ বতৰত বাতৰি কাকতৰ বিতৰণৰ ক্ষেত্ৰত যথেষ্ট আলৈ-আহুকালৰ সন্মুখীন হোৱাৰপৰা ৰক্ষা পাবলৈ হলে গ্ৰাহকসকলেও কিছু সহযোগিতা কৰিব লাগিব বুলি কয় স্বত্বাধিকাৰী বিমল শৰ্মাই। সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষক তথা নহিৰা গাঁও পঞ্চায়তৰ সভাপতি মহেশ্বৰ ঠাকুৰীয়াই বিমল শৰ্মাই বাতৰি কাকত উদ্যোগক জনসাধাৰণৰ মাজলৈ কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত লোৱা ভূমিকা সঁচাকৈয়ে তুলনাহীন বুলি মন্তব্য কৰে। সভাখনত বক্তব্য ৰাখি অধিবক্তা তথা বিজেপিৰ শীৰ্ষ কাৰ্যকৰ্তা জয়ন্ত গোস্বামীয়ে বাতৰি কাকত বিতৰক তথা দক্ষিণ কামৰূপৰ নিৰ্ভৰযোগ্য সাংবাদিক বিমল শৰ্মাৰ জীৱন নতুন প্ৰজন্মই অনুকৰণ কৰিবলগীয়া জীৱন বুলি মন্তব্য কৰে। হকাৰে চুটি ললে বা অসুখ-বিসুখৰ মুখামুখি হলে নিজে গৈ হলেও গ্ৰাহকৰ চাহিদা পুৰাবলৈ চেষ্টাৰ ক্ৰুটি যে নকৰে শৰ্মাদেৱে সেয়া গোস্বামীদেৱে মন্তব্য কৰে। আনহাতে, সভাত কালিকান্ত নিউজ এজেঞ্চিৰ জন্মলগ্নৰ গ্ৰাহক খনীন্দ্ৰ মজুমদাৰে অতি নিঃস্ব অৱস্থাৰপৰা অনেক শ্ৰম-অনেক ত্যাগৰ জৰিয়তে সমগ্ৰ অঞ্চলৰ সামাজিক জীৱনৰ এক এৰাবনোৱাৰা অংগত পৰিনত হোৱা বিমল শৰ্মাক সম্বৰ্ধনা জনাই শ্ৰীশ্ৰী খিদিৰপুখুৰী সত্ৰই প্ৰশংসনীয় কাম কৰা বুলি কয়। তদুপৰি অৱসৰপ্ৰাপ্ত শিক্ষক জয়ন্ত কুমাৰ কলিতায়ো সম্বৰ্ধনা সভাত উপস্থিত হৈ এজেঞ্চিৰ স্বত্বাধিকাৰী তথা সাংবাদিক বিমল শৰ্মাৰ ত্যাগৰ ভূয়সী প্ৰশংসা কৰে। সভাখনত সত্ৰাধিকাৰ পৰিয়ালৰ অনিতা গোস্বামী, নিৰ্মালী গোস্বামী, চিমি গোস্বামীকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত আছিল। উল্লেখযোগ্য যে ২০০২ চনৰ ১ মে তাৰিখে মাত্ৰ ৩২ গৰাকী গ্ৰাহকেৰে আৰম্ভ কৰা কালিকান্ত নিউজ এজেঞ্চিয়ে ছয় শতাধিক গ্ৰাহকেৰে আৰু চাৰিজনকৈ হকাৰেৰে গ্ৰাহকলৈ বাতৰি কাকতৰ যোগান অব্যাহত ৰাখিছে।

 

Post Bottom Ad

Responsive Ads Here