তৃতীয় লিংগৰ ব্যক্তি সকলৰ সুৰক্ষা তথা অধিকাৰ সম্পৰ্কীয় সজাগতাৰ কাৰ্যসূচী
কামৰূপ আমিনগাঁও, ২৯ ডিচেম্বৰঃ কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ উপস্থিতিত তৃতীয় লিংগৰ ব্যক্তি সকলৰ (অধিকাৰ আৰু সুৰক্ষা) আইন ২০১৯ আৰু নীতি, ২০২০ {Transgender Persons (Protection and Rights) Act 2019 and Rules 2020}ৰ ওপৰত এক সজাগতাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, অতিৰিক্ত উপায়ুক্ত সকল, চক্ৰ বিষয়া সকল, সহকাৰী আয়ুক্ত সকল তথা জিলা প্ৰশাসনৰ জেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত অনুষ্ঠিত উক্ত সজাগতাৰ কাৰ্যসূচীত সদৌ অসম তৃতীয় লিংগ সংস্থা (All Assam Transgender Association)ৰ সভাপতি তথা তৃতীয় লিংগৰ ব্যক্তি সকলৰ কল্যাণ বোৰ্ড (Transgender Welfare Board)ৰ উপাধ্যক্ষ স্বাতী বিধান বৰুৱাই উক্ত আইনখনৰ ভিত্তিত তৃতীয় লিংগৰ ব্যক্তি সকলৰ সুৰক্ষা, অধিকাৰৰ বিভিন্ন ব্যৱস্থাৱলীৰ বিতং আলোকপাতেৰে বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে ২০১৯ চনত প্ৰণয়ন কৰা উক্ত আইনখনৰ জৰিয়তে তৃতীয় লিংগৰ ব্যক্তি সকলৰ শৈক্ষিক, নিয়োগ, স্বাস্থ্যকে ধৰি বিভিন্ন সুৰক্ষা নিশ্চিত কৰণৰ লক্ষ্য লোৱা হৈছে। উক্ত ব্যৱস্থাৱলী সমূহৰ কাৰ্যকৰীকৰণৰ বিভিন্ন দিশ সমূহৰ বিষয়ে উক্ত সজাগতাৰ কাৰ্যসূচীত বহলাই আলোচনা কৰা হয়। অনুষ্ঠাত অংশগ্ৰহণ কৰি প্ৰদান কৰা বক্তব্যত জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে তৃতীয় লিংগৰ ব্যক্তি সকলৰ সামাজিক সুৰক্ষা তথা অধিকাৰ নিশ্চিত কৰাৰ বিভিন্ন ব্যৱস্থাৱলী আৰু এই আইনৰ সৱিশেষ সামৰি বক্তব্য প্ৰদান কৰাৰ বাবে স্বাতী বিধান বৰুৱাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। জিলা প্ৰশাসনে এই বিষয়ত যথাসম্ভৱ সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।