কামৰূপ জিলাত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, November 22, 2022

কামৰূপ জিলাত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপন

 কামৰূপ জিলাত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপন 

কামৰূপ, আমিনগাওঁ, ২২ নৱেম্বৰঃ  কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ আজিৰ  কাৰ্যসূচীৰ অংশ হিচাপে পুৱা ১১ বজাৰ পৰা আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ ক্ষেত্ৰত সদৌ অসম ভিত্তিত বীৰ লাচিত বৰফুকন তথা অসম বুৰঞ্জীৰ ওপৰত এখন আন্তঃশিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত বিভিন্ন মহাবিদ্যালয়ৰ ২৭টা দলে অংশ গ্ৰহণ কৰে। প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা ৬টা দলে মূল পৰ্যায়ৰ  প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে প্ৰতিষ্ঠিত কুইজ মাষ্টাৰ তথা দৈনিক অসম কাকতৰ উপ-সম্পাদক দিপাংকৰ কৌশিকে। এই কুইজ প্ৰতিযোগিতাখন উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দয়ানন্দ পাঠকে। তদুপৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰ আৰু বিশিষ্ট শিক্ষাবিদ তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য। উত্ত প্ৰতিযোগিতাখনত কটন বিশ্ববিদ্যালয় আৰু পূৱ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ক্ৰমে অংকুৰজ্যোতি শৰ্মা আৰু সঞ্জীৱ দাসে প্ৰথম পুৰস্কাৰ, নলবাৰী মহাবিদ্যালয় কৰবী শৰ্মা আৰু ময়ুৰাক্ষী ভট্টাচাৰ্যই দ্বিতীয় স্থান, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰিয়াৰাণী ঠাকুৰীয়া আৰু গীতালী পাঠকে তৃতীয় স্থান লাভ কৰে। আনহাতে উদযাপনৰ অংশ হিচাপে আজি পলাশবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা চাইকেল ৰেলী ফ্লেগ অফ্ কৰি শুভাৰম্ভ কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। এই চাইকেল ৰেলী পলাশবাৰী ৰাজহ চক্ৰৰ পৰা আৰম্ভ হৈ মিৰ্জা, উপৰহালী পৰিভ্ৰমণ কৰি পুনৰ পলাশবাৰী ৰাজহ চক্ৰলৈ উভতি আহে। এই ৰেলীত প্ৰায় ৫০০  চাইকেল আৰোহীয়ে অংশ গ্ৰহণ কৰে । আনহাতে অসম বুৰঞ্জীৰ প্ৰবাদ প্ৰতীম সেনাধিনায়ক বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ছয়গাঁৱত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।  কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত তথা ছয়গাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সহযোগত আজি অনুষ্ঠিত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যাক জন্মজয়ন্তীৰ এই শোভাযাত্ৰা বীৰ লাচিতৰ প্ৰতিচ্ছৱিত  বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে । তাৰ পিছত চক্ৰ বিষয়া কাৰ্যালয় প্ৰাংগণত থকা গণ শিল্পী ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি আৰু মাল্যাৰ্পন কৰা হয় । ইয়াৰ পিছতে ছয়গাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ছয়গাঁও উকিয়াম পথ হৈ ছয়গাঁও মিনি ষ্টেডিয়ামত এই শোভাযাত্ৰাৰ সামৰণি পৰে । শোভাযাত্ৰাত ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী-বেচৰকাৰী বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, বিভিন্ন সাংস্কৃতিক দল, বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীকে আদি কৰি প্ৰায় ২ সহস্ৰাধিক লোকে  অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ পিছত ছয়গাঁও মিনি ষ্টেডিয়ামত এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় । অনুষ্ঠানত অসম চৰকাৰৰ খাদী আৰু গ্ৰাম্যোদ্যোগ বোৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা, কামৰূপ জিলাৰ উপায়ুক্তৰ উপৰি অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামী,  ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ কলিতা আৰু চি আৰ পি এফ বেটেলিয়নৰ ছাব ইন্সপেক্টৰ সুধাকৰ সিন্ধে উপস্হিত থাকে । আনহাতে   কামৰূপ জিলা প্ৰশাসনৰ আৰু বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি বকো হাইস্কুল খেলপথাৰত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি  পৰাম্পৰাগত খেল-ধেমালী প্ৰতিযোগিতা এখন অনুষ্ঠিত হয়। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধি বৰ্গ আৰু বকোৰ প্ৰশাসনিক কৰ্মচাৰী তথা সংবাদ মাধ্যমৰ কৰ্মীৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হোৱা এক আকৰ্ষণীয় ৰচী টনা খেলৰ জৰিয়তে এই প্ৰতিযোগিতা শুভাৰম্ভ কৰা হয় ৷ উল্লেখ্য যে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ৰচী টনা, কলহ ভঙা, মিউজিক চিয়াৰ, হাঁহ ধৰা আদি পৰম্পৰাগত থলুৱা খেল- ধেমালী অনুষ্ঠিত হয় ৷ এই প্ৰতিযোগিতা সমূহত বকো হাইস্কুল, বকো ছোৱালী হাইস্কুল, বকো মজলীয়া বিদ্যালয়ৰ লগতে কেবাখনো  বিদ্যালয়ৰ প্ৰায় ১০০০ৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷ খেলৰ অন্তত প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা খেলুৱৈ সকলক বঁটা প্ৰদান কৰা হয়।  বিশিষ্ট ক্ৰীড়া সংগঠক মনোৰঞ্জন কলিতাই আত ধৰা বঁটা বিতৰণী অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামী, বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাস, বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্ত, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, কাৰ্যবাহী সদস্য সুমিত ৰাভা, আদিত্য ৰাভাকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। আনহাতে আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া ৪ বজাৰ পৰা কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সাংস্কৃতিক অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। উক্ত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠ শিল্পী জিনা ৰাজকুমাৰীয়ে সংগীত পৰিৱেশন কৰে। তদুপৰি জিলাখনৰ বীৰ লাচিত বৰফুকনৰ স্মৃতি বিজড়িত ঐতিহাসিক গড় আদিত সন্ধিয়া ৫ বজাৰ পৰা বন্তি প্ৰজ্বলন কৰা হয়।


Post Bottom Ad

Responsive Ads Here