বহিঃমূল্যায়নৰ তৃতীয় দিনত কামৰূপ জিলাৰ ৬৮৭খন বিদ্যালয়ত বহিঃমূল্যায়কৰ দ্বাৰা মূল্যায়ন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, January 21, 2023

বহিঃমূল্যায়নৰ তৃতীয় দিনত কামৰূপ জিলাৰ ৬৮৭খন বিদ্যালয়ত বহিঃমূল্যায়কৰ দ্বাৰা মূল্যায়ন

 বহিঃমূল্যায়নৰ তৃতীয় দিনত কামৰূপ জিলাৰ ৬৮৭খন বিদ্যালয়ত বহিঃমূল্যায়কৰ দ্বাৰা মূল্যায়ন

কামৰূপ, আমিনগাওঁ, ২১ জানুৱাৰীঃ যোৱা ১৯ আৰু ২০ জানুৱাৰীত কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ত গুণোৎসৱ-২০২৩ৰ বহিঃমূল্যায়কৰ দ্বাৰা মূল্যায়ন প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ পিছত আজি জিলাখনৰ মুঠ ৫২,৩৩২ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি সৰ্বমুঠ ৬৮৭খন বিদ্যালয়ত বহিঃমূল্যায়কৰ দ্বাৰা মূল্যায়ন কৰা হয়। এই মূল্যায়ন প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যায়তনিক উৎকৰ্ষতাৰ মূল্যায়ন কৰাৰ উপৰি সহঃ বিদ্যায়তনিক উৎকৰ্ষতাৰ লগতে বিদ্যালয়ৰ সামাজিক অংশগ্ৰহণ তথা আন্তঃগাথনি ইত্যাদিৰ মূল্যয়ন কৰা হয়। আনহাতে ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি বাইহাটা চাৰিআলিৰ শালমাৰাৰ গোপাল থান হাইস্কুলত উপস্থিত হৈ গুণোৎসৱ-২০২৩ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে একেলগে মধ্যাহ্ন ভোজনো গ্ৰহণ কৰে। তদুপৰি কামৰূপ জিলাৰ ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়ত গুণোসৱ-২০২৩ কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননী গোপাল মহন্তই। তেখেতে বিদ্যালয়খনৰ প্ৰাতঃ সভা ইত্যাদিৰ লগতে বিদ্যালয়খনৰ সামগ্ৰিক শৈক্ষিক পৰিৱেশ পৰ্যবেক্ষণ কৰে। তেখেতে লগতে ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক, স্থানীয় ৰাইজৰ সৈতেও শৈক্ষিক দিশৰ উৎকৰ্ষতাৰ সম্পৰ্কত মত বিনিময় কৰে। বিদ্যালয়খনত তেখেত উপস্থিত থকাৰ সময়ত কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াও উপস্থিত থাকে। ইয়াৰ পিছতে শিক্ষা উপদেষ্টা গৰাকীয়ে অসম-মেঘালয় সীমান্তৰ বকোৰ গাৰো জনগোষ্ঠীয় বসতি প্ৰধান গোহানকোণা হাইস্কুলত উপস্থিত হৈ গুণোৎসৱ-২০২৩ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ  লগতে অভিভাৱক তথা স্থানীয় বিশিষ্ট ব্যক্তিৰ সৈতে  শৈক্ষিক উত্তৰণ সম্পৰ্কত মত বিনিময় কৰাৰ উপৰি ছাত্ৰ-ছাত্ৰী সকল সৈতে মধ্যাহ্ন ভোজনৰ আহাৰো গ্ৰহণ কৰে। বিদ্যালয়খনত শিক্ষা উপদেষ্টা গৰাকী উপস্থিত থকাৰ সময়ত কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ লগতে অন্যান্য বিষয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সদস্যকে ধৰি স্থানীয় ৰাইজ উপস্থিত থাকে। আনহাতে আজি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব, পুস্পাঞ্জলী দাস; মীন বিভাগৰ সচিব, কাব্যশ্ৰী মহন্ত; আতিৰিক্ত পি.চি.চি.এফ., পি.জে. বিজয়কৰ; অতিৰিক্ত পি.চি.চি.এফ. তথা কেম্পাৰ মুখ্য কাৰ্যবাহী বিষয়া, ড০ সত্যেন্দ্ৰ সিং; আই.জি.পি., সুৰেন্দ্ৰ কুমাৰকে ধৰি বহু জেষ্ঠ বিষয়াই জিলাখনৰ বিভিন্ন বিদ্যালয়ত বহিঃমূল্যায়কৰ ভূমিকা পালন কৰে। 

Post Bottom Ad

Responsive Ads Here