গ্ৰামীণ চাহাৰাৰ উদ্যোগত কৃষক সমাৰোহ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, November 19, 2022

গ্ৰামীণ চাহাৰাৰ উদ্যোগত কৃষক সমাৰোহ

গ্ৰামীণ চাহাৰাৰ উদ্যোগত কৃষক সমাৰোহ

দক্ষিণ কামৰূপ ১৯ নবেম্বৰ : ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ছয়গাঁৱৰ গ্ৰামীন ছাহাৰাৰ উদ্যোগত আজি বাৰ্ষিক কৃষক সমাৰোহ  গ্ৰামীন ছাহাৰাৰ মুখ্য কাৰ্যালয় চৌহদত অনুষ্ঠিত হয়। গ্ৰামীন ছাহাৰাৰ তত্বাবধানত মছলা জাতীয় শস্যৰ কৃষি কাৰ্যত জড়িত প্ৰায় ৪ শতাধিক মহিলা কৃষকে অংশগ্ৰহণ কৰা এই কৃষক সমাৰোহখন গ্ৰামীন ছাহাৰাৰ সচিব শৰৎ দাসে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থাকি পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ভাষণ প্ৰসংগত কয় যে পৃথিৱীৰ ভিতৰত আটাইতকৈ সাৰুৱা মাটি অসমতে আছে । এই মাটিত যি খেতি কৰা হয় সকলো খেতিয়ে হয় বুলি উল্লেখ কৰি মহিলা খেতিয়ক সকলৰ উন্নয়নৰ বাবে গ্ৰামীন ছাহাৰাই হাতত লোৱা কামকাজৰ প্ৰশংসা কৰি গ্ৰামীন ছাহাৰাৰ এই কামকাজৰ বিষয়ে মুখ্যমন্ত্রীক অৱগত কৰি ভৱিষ্যতে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰ আগতে গ্ৰামীন ছাহাৰাৰ সচিব শৰৎ চন্দ্ৰ দাসে আদৰণি ভাষণত কয় যে অসম মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ ৬০ হেজাৰ পৰিয়ালৰ অৰ্থনৈতিক উন্নয়নৰ বাবে গ্ৰামীন ছাহাৰাই কাম কৰি আছে । আনহাতে গ্ৰামীন ছাহাৰাৰ প্ৰকল্প সঞ্চালক অমিয় কুমাৰ দাসে কয় যে যোগাযোগৰ ক্ষেত্ৰত পিছপৰা অঞ্চল সমূহত অসংগঠিত মহিলাসকলক সংগঠিত কৰি মছলা জাতীয় শস্যৰ উৎপাদনত জড়িত কৰিছে । অনুষ্ঠানত ক্ষেত্ৰীৰ ডেফডিল কলেজ অৱ হৰ্টিকালাচাৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা, আৰক্ষী বিষয়া মানৱেন্দ্ৰ দেৱ ৰয়, স্পাইচ বৰ্ডৰ দেপুটি ডিৰেক্টৰ দিজেন্দ্ৰ নাথ বৰ্মন, ইকো ইণ্ডিয়াৰ ডিৰেক্টৰ অলয় বৰা লগতে কেবাজনো বিশিষ্ট অতিথিয়ে সভাত ভাষণ দিয়ে । বিশেষ পাৰদৰ্শিতা দেখুওৱা ৩ ট‍া মহিলা কৃষক গোটক সম্বৰ্ধনা জনায়।


 

Post Bottom Ad

Responsive Ads Here