বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰ পৰা কামৰূপ জিলাত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, November 18, 2022

বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰ পৰা কামৰূপ জিলাত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপন

 বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰ পৰা কামৰূপ জিলাত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপন

কামৰূপ, আমিনগাওঁ, ১৮ নৱেম্বৰঃ  বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী আজিৰে পৰা অহা ২৫ নৱেম্বৰলৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজনৰ পদক্ষেপ লোৱা হৈছে। ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰৰ পৰা কামৰূপ আৰক্ষীৰ উদ্যোগত এক মাৰ্চ পাষ্ট অনুষ্ঠিত হয়। কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰা এই মাৰ্চ পাষ্ট হাজো চ’ক  পৰিভ্ৰমণ কৰি পুনৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰলৈ অহাৰ পিছতে কামৰূপ আৰক্ষী তথা জিলা প্ৰশাসনৰ উদ্যোগত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত  বীৰ লাচিত বৰফুকন স্মাৰক সভাৰ লগতে লাচিতৰ বীৰত্বৰ গাথা সামৰি এক।সংগীতালেখ্য অনুষ্ঠান অনুষ্ঠিত হয়। সংগীতালেখ্য পৰিৱেশন কৰে বাইহাটা চাৰিআলিৰ “সুৰ্যোদয় নাট্য গোষ্ঠীয়ে”। উক্ত সভাত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী, পূৱ-কামৰূপ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড০ নৃপেন্দ্ৰ ডেকা, পূৱ-কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা কামৰূপ জিলা সাহিত্য সভাৰ উপ-সভাপতি  ড০ নৃপেন্দ্ৰ নাথ তালুকদাৰ, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, কামৰূপৰ জিলা উন্নয়ন আয়ুক্ত নৰসিং বেই বীৰ লাচিতৰ শৌৰ্য-বীৰ্য, দেশপ্ৰেম সামৰি বক্তব্য প্ৰদান কৰে। আজিৰ এই মাৰ্চ পাষ্ট অনুষ্ঠানত কামৰূপ জিলা আৰক্ষী, সেনা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত বাহিনী, এচ.এচ.বি আৰু এন.চি.চি.ৰ কেডাৰ সকলে অংশ গ্ৰহণ কৰে। বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তীৰ শুভাৰম্ভণি উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ইতিহাস অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বীৰ লাচিত বৰফুকনৰ  বীৰত্ব, দেশপ্ৰমৰ বিষয়ে যাতে সমগ্ৰ দেশ তথা বিশ্বই পৰিচিত হয় তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সুদৃঢ় পদক্ষেপ সামৰি বক্তব্য প্ৰদান কৰে। বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী নতুন দিল্লীত অনুষ্ঠিত কৰা, এই  উপলক্ষে ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন স্তৰৰ জনসাধাৰণক সামৰি ৰচনা প্ৰতিযোগিতাৰ আয়োজন, বীৰ লাচিত বৰফুকনৰ বিষয়ে কফি টেবুল বুক, তথ্য চিত্ৰ ইত্যাদি প্ৰকাশৰ উদ্যোগ লোৱা হৈছে বুলিও তেওঁ অৱগত কৰে। তদুপৰি যোৰহাটৰ বীৰ লাচিতৰ মৈয়দামখন বিশ্ব পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ২৯০ কোটি টকা ব্যয়ৰ পৰিকল্পনা, এম.পি. থিয়েটাৰ, লাইট এণ্ড চাউণ্ড প্ৰ’গ্ৰেম, আলাৱৈ স্মৃতি ক্ষেত্ৰ নিৰ্মাণৰ পদক্ষেপেৰে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে এই গৰাকী মহান বীৰক বিশ্ব দৰবাৰত সজোৰে প্ৰতিষ্ঠা কৰাৰ উদ্যোগ লৈছে বুলিও তেওঁ কয়। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই সভাত জিলা উপায়ুক্ত কীৰ্তি জল্লী, জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, পূৱ-কামৰূপ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড০ নৃপেন্দ্ৰ ডেকা, কামৰূপ জিলা সাহিত্য সভাৰ উপ-সভাপতি  ড০ নৃপেন্দ্ৰ নাথ তালুকদাৰেও লাচিত বৰফুকনৰ বীৰত্ব তথা দেশপ্ৰেমৰ বিভিন্ন বিষয় সামৰি বক্তব্য প্ৰদান কৰে।



Post Bottom Ad

Responsive Ads Here