ছয়গাঁৱত ড্ৰাগছ সহ এজন আটক
ছয়গাঁও,২৩ ছেপ্টেম্বৰ : দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভগবান ডেকাৰ নেতৃত্বত আজি বিয়লি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। অভিযানৰ সময়ছোৱাত ছয়গাঁৱৰ গুমীত ১৩ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, এটা মোবাইলসহ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে । আটক কৰা লোকজন ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জাহিৰপুৰৰ ৰফিকুল আলী । জানিব পৰা মতে, ড্ৰাগছ ব্যৱসায়ীজনে উক্ত অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয় ব্যৱসায় চলাই আহিছিল । এই খবৰ ছয়গাঁও আৰক্ষীয়ে লাভ কৰি আজি বিয়লি অভিযান চলাই ড্ৰাগছ সহ লোকজনক আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি আটকাধীন লোকজনক ছয়গাঁও আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ।