ইষ্ট জ’ন নেশ্যনেল চাব জুনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা ধৃতিমা উজিৰক সম্বৰ্দ্ধনা জনালে কামৰূপ জিলা প্ৰশাসনে
কামৰূপ, আমিনগাওঁ, ৩০ ছেপ্টেম্বৰঃ অলপতে বিহাৰৰ পাটলিপুত্ৰত অনুষ্ঠিত পূবমণ্ডল ৰাষ্ট্ৰীয় চাব জুনিয়ৰ প্ৰতিযোগিতাত ১৪ বছৰৰ অনুৰ্ধৰ ছোৱালীৰ শাখাত স্বৰ্ণ পদক লাভ কৰি জিলাখনৰ লগতে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই অনা কামৰূপ জিলাৰ হালোগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণী ছাত্ৰী ধৃতিমা উজিৰক আজি কামৰূপ জিলা অধিবিদ্যা পৰিষদৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱাৰ লগতে উদীয়মান এথলীট গৰাকীলৈ ১০ হাজাৰ টকাৰ এক আৰ্থিক সাহায্যও আগবঢ়োৱা হয়। আমিনগাঁওস্থিত সংহত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে উদীয়মান এথলীট গৰাকীক সম্বৰ্দ্ধনা জনোৱাৰ উপৰি আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। তদুপৰি এই একেটা অনুষ্ঠানতে ডিষ্টিক লেভেল ইন্টাৰনেল একজামিনেশ্যন সমিটিয়ে (District Level Internal Examination Committee) বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছত ৰাহি হোৱা ধনৰাশিৰ প্ৰায় ১০ লাখ টকাৰ প্ৰাৰম্ভিক পূজিৰে জিলাখনৰ বিভিন্ন ক্ষেত্ৰত সম্ভাৱনাৰ স্বাক্ষৰ বহন কৰা অভাৱগ্ৰস্ত ছাত্ৰ-ছাত্ৰী সকলক আৰ্থিক সহায়ৰ হাত আগবঢ়াবৰ বাবে “সেৱা” (SEWA) শীৰ্ষক এক ম্যাদী পূজিৰো আজি শুভাৰম্ভ কৰে জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে। উল্লেখ্য যে স্কুল এনৰিচমেন্ট, ৱেলফেয়াৰ এণ্ড একাডেমীয়া (SEWA) নামকৰণেৰে আজিৰে পৰা শুভাৰম্ভ কৰা এই পূজিৰ পৰা পোৱা সুদেৰে ভৱিষ্যতলৈ জিলখনৰ বিভিন্ন ক্ষেত্ৰত সম্ভাৱনা বহন কৰা ছাত্ৰ-ছাত্ৰী সকলক আৰ্থিক অনুদান প্ৰদানেৰে উৎসাহিত কৰাৰ পদক্ষেপ লোৱা হব। আজি এই পূজিৰ পৰাই উদীয়মান এথলীট ধৃতিমান উজিৰক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়তো জিলাখনৰ বিভিন্ন ক্ষেত্ৰত উৎকৰ্ষতাৰ পৰিচয় দাঙিধৰিবলৈ সক্ষম হোৱা অভাৱগ্ৰস্ত ছাত্ৰ-ছাত্ৰীক এই কাৰ্যসূচীৰ পৰা আৰ্থিক অনুদান প্ৰদানৰ পদক্ষেপ লোৱা হব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বক্তব্য প্ৰদান কৰি জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে উদীয়মান এথলীট গৰাকীক উষ্ম অভিন্দন জনাই কয় যে তেওঁ লাভ কৰা সফলতাই আজি জিলাবাসী তথা ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে। এই ধাৰা অব্যাহত ৰাখি ভৱিষ্যতেওঁ বিভিন্ন প্ৰতিযোগিতাত সফলতা অৰ্জনেৰে সকলোকে গৌৰৱান্বিত হোৱাৰ সুযোগ প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। জিলা উপায়ুক্ত গৰাকীয়ে লগতে জুনিয়ৰ এথলীট গৰাকীক খেলৰ লগতে বিদ্যায়তনিক দিশতো গুৰুত্ব প্ৰদান কৰাৰ বাবে উপদেশ দিয়ে। পৰিমিত আহাৰ, উপযুক্ত বিশ্ৰাম, কঠোৰ অনুশীলনৰ জৰি়য়তে ভৱিষ্যতে তেওঁ এগৰাকী দেশৰ আগশাৰীৰ ক্ৰীড়াবিদ হিচাপে পৰিগণিত হব পাৰিব বুলি আশা প্ৰকাশ কৰি এথলীট গৰাকীয়ে তেওঁ অনুশীলন কৰা অভয় চৌধুৰী ষ্টেডিয়ামত তেওঁৰ অনুশীলনৰ বাবে প্ৰয়োজন বুলি উল্লেখ কৰা দুই-এপদ সামগ্ৰী প্ৰদানৰ দিশত যথোচিত পদক্ষেপ লোৱা হব বুলি আশ্বাস প্ৰদান কৰে। অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, বিশিষ্ট শিক্ষাবিদ তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য, কামৰূপ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক ৰফিকউদ্দিন আহমেদৰ লগতে জুনিয়ৰ এথলীট ধৃতিমা উজিৰ আৰু তেওঁৰ পিতৃ শৰৎ উজিৰেও ধৃতিমাৰ সফলতাৰ বিভিন্ন দিশ দাঙি ধৰি বক্তব্য প্ৰদান কৰে।
|