বকেয়া মাননি আদায়ৰ দাবীত ছয়গাঁওত ৰন্ধন কৰ্মীৰ অৱস্থান ধৰ্মঘট - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, September 23, 2022

বকেয়া মাননি আদায়ৰ দাবীত ছয়গাঁওত ৰন্ধন কৰ্মীৰ অৱস্থান ধৰ্মঘট

বকেয়া মাননি আদায়ৰ দাবীত ছয়গাঁওত ৰন্ধন কৰ্মীৰ অৱস্থান ধৰ্মঘট


দক্ষিণ কামৰূপ, ২৩ ছেপ্টেম্বৰ : সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আজি ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয় চৌহদত ৰন্ধনকৰ্মী সকলে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি চি আই টি ইউৰ ৰাজ্যিক সদস্য তথা সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উপ-সভাপতি হিতেশ দাস আৰু ইউনিয়নৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা কনকলতা দাস, জিলা নেত্ৰী লাৱণ্য দাস, বিউটি দাসে বক্তব্য দাঙি ধৰে। চি আই টি ইউৰ ৰাজ্যিক সদস্য দাসে কয় যে ৰন্ধন কৰ্মীসকলে দীৰ্ঘদিনৰ পৰা কৰি অহা দাবী সমূহ চৰকাৰে পূৰণ কৰাৰ কোনো উদ্যোগ গ্ৰহণ কৰা নাই। ইয়াৰ পৰিৱৰ্তে চৰকাৰে নতুন নতুন সমস্যাৰহে সৃষ্টি কৰিছে। তেওঁ কয় যে মূলতঃ প্ৰাথমিক শিক্ষাক উৎসাহিত কৰাৰ লক্ষ্যৰে ১৯৯৫ চনৰ ১৫ আগষ্টত আৰম্ভ কৰা মধ্যাহ্ন ভোজন আঁচনিখনৰ উদ্দেশ্য হৈছে— চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰা; বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ বৃদ্ধি কৰা; শ্ৰেণীকোঠাৰ ভোক নিবাৰণ কৰা; সামাজিক অসমতা, বৰ্ণ বৈষম্য, অস্পৃশ্যতাৰ অন্ধবিশ্বাস- কুসংস্কাৰৰ পৰা মুক্ত হ'ব পৰাকৈ শিশুসকলক মানসিকভাৱে সৱল ৰূপত গঢ়ি তোলা; সামাজিক আৰু অৰ্থনৈতিকভাৱে পচ্ছাদপদ অংশৰ মহিলাসকলক জড়িত কৰাৰ মাজেৰে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত অৰিহণা যোগোৱা। ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাত কোৱা হৈছে যে ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলক বিদ্যালয় পৰিসৰতে ৰন্ধা সতেজ দুপৰীয়াৰ আহাৰ যোগান নিশ্চিত কৰিব লাগিব আৰু এই আহাৰ বছৰত কমেও ২০০ দিন যোগান ধৰিব লাগিব। কিন্তু আঁচনিৰ বিজ্ঞানসন্মত ৰূপায়ণত গুৰুত্ব দিয়াৰ সলনি মধ্যাহ্ন ভোজন আঁচনিখনক ভাৰত চৰকাৰে অপ্ৰয়োজনীয়ভাৱে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ বা চমুকৈ পি.এম.পোষণ বুলি নামাকৰণ কৰি চমকহে সৃষ্টি কৰিব বিচাৰিছে। অসম চৰকাৰেও আঁচনিখন অক্ষয়পাত্ৰ ফাউণ্ডেচন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰিবলৈ উঠিপৰি লাগিছে। ইয়াৰ ফলত শিক্ষাৰ্থী শিশুসকল বিদ্যালয় পৰিসৰতে ৰন্ধা সতেজ খাদ্যৰ পৰা বঞ্চিত হ'ব আৰু ২০০৫ চনৰ পৰাই অতি সামান্য মাননিত কাম কৰি অহা অসমৰ প্ৰায় ১ লক্ষ ১৬ হাজাৰ ৰন্ধন কৰ্মীৰ কামৰ নিৰাপত্তা সম্পূৰ্ণকৈ নোহোৱা হ'ব। তেওঁ আকৌ কয় যে যিসময়ত দেশৰ বহুতো ৰাজ্য চৰকাৰে নিজাববীয়াকৈ ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধি কৰাকে ধৰি উৎসৱ ভাট্টা, কাপোৰ, বীমাৰ সুবিধা আদি প্ৰদান কৰি আহিছে — সেই সময়ত অসমৰ ৰন্ধন কৰ্মীসকলে বছৰটোৰ ১০ মাহৰ বাবে কেৱল মাহিলি ১,৫০০.০০ টকাহে লাভ কৰে। তেওঁ কয় যে চৰকাৰে ২০২২ বৰ্ষৰ ৯ মাহ উকলিবৰ সময়তো বছৰটোত মাত্ৰ ২,০০০.০০ টকাহে আদায় দিছে। দাসে আকৌ কয় যে ৰন্ধন কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ বিনিময়ত প্ৰাপ্য মজুৰি দিয়াটো দূৰৈৰ কথা, নিৰ্ধাৰিত সামান্য পৰিমাণৰ মাননিখিনিও মাহৰ পিচত মাহ ধৰি অনাদায় কৰি ৰখাটো ৰন্ধন কৰ্মীসকলৰ প্ৰতি চৰকাৰৰ অমানৱীয় আৰু অপৰাধমূলক আচৰণ। তেওঁ আকৌ কয় যে চৰকাৰী বিদ্যালয় সমূহত প্ৰয়োজনীয় শিক্ষক নিয়োগকে ধৰি আন্তঃগাথঁনিৰ দুৰ্বলতা দূৰ কৰাৰ সলনি শিক্ষাৰ্থীৰ অভাৱৰ অজুহাতত কৰা বিদ্যালয় একত্ৰিকৰণে শিক্ষাৰ ৰাজহুৱা খণ্ডক সংকুচিত কৰিবলৈ লৈছে, কম আয়ৰ পৰিয়ালৰ সন্তানৰ শিক্ষাগ্ৰহণত বাধাৰ সৃষ্টি কৰিছে আৰু ৰন্ধন কৰ্মীকো কৰ্মচ্যুত কৰিছে। তেওঁ মধ্যাহ্ন ভোজন আঁচনি তথাকথিত এন.জি.অ'ৰ নামত বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ হাতত তুলি দিয়াৰ চৰকাৰী ষড়যন্ত্ৰ শীঘ্ৰেই বন্ধ কৰি বিদ্যালয় পৰিসৰতে ৰন্ধা সতেজ দুপৰীয়াৰ আহাৰৰ নিশ্চয়তা প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিদ্যালয় একত্ৰিকৰণৰ নামত ৰাজহুৱা শিক্ষাৰ সংকোচন আৰু ৰন্ধন কৰ্মীক কৰ্মচ্যুত কৰাৰ নীতি বাতিল কৰিবলৈ আৰু আগন্তুক শাৰদীয় উৎসৱৰ পূৰ্বে অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ ভিতৰত বকেয়া সমস্ত মাননিৰ ধন সম্পূৰ্ণকৈ ৰন্ধন কৰ্মীসকলক আদায় দিবলৈ আহ্বান জনায়। প্ৰতিবাদী অৱস্থান কাৰীসকলে বকেয়া মাননি ছেপ্টেম্বৰ মাহৰ ভিতৰত আদায় দিয়াৰ দাবীত জিলা সভানেত্ৰী লাৱণ্য দাস আৰু জিলা সম্পাদক পবিত্ৰ পাঠক স্বাক্ষৰিত এক স্মাৰকপত্ৰ ছয়গাঁও প্ৰাথমিক শিক্ষাখণ্ড বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

 

Post Bottom Ad

Responsive Ads Here