কামৰূপ জিলাৰ গুণোৎসৱ-২০২২ৰ ফলাফলৰ পৰ্যালোচনা কৰিলে উপায়ুক্ত কীৰ্তি জল্লীয়ে - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, September 22, 2022

কামৰূপ জিলাৰ গুণোৎসৱ-২০২২ৰ ফলাফলৰ পৰ্যালোচনা কৰিলে উপায়ুক্ত কীৰ্তি জল্লীয়ে

 কামৰূপ জিলাৰ গুণোৎসৱ-২০২২ৰ ফলাফলৰ পৰ্যালোচনা কৰিলে উপায়ুক্ত কীৰ্তি জল্লীয়ে

আমিনগাওঁ, ২২ ছেপ্টেম্বৰঃ কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত আজি জিলাখনৰ গুণোৎসৱ-২০২২ৰ ফলাফলৰ সামগ্ৰিক পৰ্যালোচনা কৰা হয়। কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই পৰ্যালোচনা সভাত  গুণোৎসৱ-২০২২ত ভাল ফল প্ৰদৰ্শন কৰিব নোৱাৰা জিলাখনৰ সংশ্লিষ্ট বিদ্যালয় সমূহৰ প্ৰধান শিক্ষককে ধৰি সংশ্লিষ্ট খণ্ড শিক্ষা বিষয়া, ক্লাষ্টাৰ ৰিচ’ৰ্চ চেন্টাৰ কোঅৰ্ডিনেটৰ, ব্লক ৰিচ’ৰ্চ পাৰ্চন,  ব্লক এম আই এচ কোঅৰ্ডিনেটৰ ইত্যাদিৰ উপস্থিতিত  বিতং পৰ্যালোচনা কৰা হয়। উল্লেখ্য যে গুণোৎসৱ-২০২২ৰ ফলাফলত কামৰূপ জিলাৰ ৩৪৪ খন বিদ্যালয়ে ‘এ’ প্লাচ, ৯২৪ খন বিদ্যালয়ে ‘এ’, ৬০৩ খন বিদ্যালয়ে ‘বি’, ২৩১ খন বিদ্যালয়ে ‘চি’ আৰু ১০১ খন বিদ্যালয়ে ‘ডি’ গ্ৰেড লাভ কৰিছে। ‘এ’ প্লাচ গ্ৰেডৰ ভিত্তিত জিলাখনে ৰাজ্যৰ ভিতৰত অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ এই পৰ্যালোচনা সভাত উপায়ুক্তই উন্নত ফলাফল প্ৰদৰ্শন নকৰা বিদ্যালয় সমূহৰ প্ৰধান শিক্ষককে ধৰি সংশ্লিষ্ট বিষয়া সকলৰ পৰা ইয়াৰ কাৰণ সমূহৰ বুজ লয়। সংশ্লিষ্ট  কিছুসংখক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অন্যান্য শিক্ষকৰ অমনোযোগিতা, গুণোৎসৱ আয়োজন সম্পৰ্কে উপযুক্ত সজাগতা সৃষ্টিত ব্যৰ্থতা, ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ শিক্ষাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ দিশত উদ্ভাৱনীমূলক পদক্ষেপৰ অভাৱ, ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি ইত্যাদি বিষয় সমূহ পৰ্যালোচনা কৰে। কিছু সংখ্যকে বিদ্যালয়ৰ প্ৰধান শিক্ষক  তথা সংশ্লিষ্ট বিষয়া সকলৰ বিসংগতি প্ৰতি লক্ষ্য ৰাখি উপায়ুক্ত কীৰ্তি জল্লীয়ে বিদ্যালয় কেইখনৰ প্ৰধান শিক্ষক  তথা সংশ্লিষ্ট চি.আৰ.চি.চি সকলক কাৰণ দৰ্শোৱাৰ জাননী  জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে। উপায়ুক্তই লগতে এই বিদ্যালয় সমূহৰ  শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ দিশত তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে যাতে আগন্তুক গুণোৎসৱ তথা বিভিন্ন বিদ্যায়তনিক  পৰীক্ষা সমূহত বিদ্যালয় কেইখনে ভৱিষ্যতে ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰে। আজিৰ এই পৰ্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াকে ধৰি কামৰূপ জিলাৰ শিক্ষা বিভাগৰ অন্যান্য বিষয়া সকল উপস্থিত থাকে।


Post Bottom Ad

Responsive Ads Here