দক্ষিণ কামৰূপৰ কুকুৰমাৰাত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন অনুষ্ঠানত জিলা উপায়ুক্ত
'জনসেৱা লাইভ' ছয়গাঁও, ৮ ছেপ্টেম্বৰ : কামৰূপ জিলাৰ উপায়ুক্ত কিৰ্তি জল্লীয়ে আজি কুকুৰমাৰাত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন অনুষ্ঠানৰ উদ্বোধন কৰে। ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২ৰ লগত সংগতি ৰাখি ছয়গাঁও সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত কুকুৰমাৰাত এই ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰা হয়। শিশুৰ পৰিপুষ্টি সাধনৰ বাবে অন্য পুষ্টিকৰ আহাৰৰ উপৰিও শিশু খাদ্য খিছাৰিৰ লগত সৰু মাছৰ গুৰি মিহলাই খোৱা কাৰ্যৰ শুভাৰম্ভ কৰে। আজিৰ অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কিৰ্তি জল্লীৰ উপৰিও ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৰোজ সোনোৱাল, কামৰূপ জিলাৰ সমাজ কল্যাণ বিভাগৰ বিষয়া স্নেহনাব চাহিন, মীন বিষয়া সঞ্জয় শৰ্মা, গ্ৰামীণ ছাহাৰাৰ পৰিচালন সঞ্চালক শৰৎ চন্দ্ৰ দাস, ছয়গাঁও আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জয়া দাসৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তদুপৰি উপায়ুক্ত গৰাকীয়ে কুকুৰমাৰা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে।