কামৰূপ জিলা স্বাস্থ্য বিভাগক সম্বৰ্দ্ধনা
আমিনগাঁও, ২৭ আগষ্ট:- কোভিড টিকাকৰণৰ ক্ষেত্ৰত প্ৰশসনীয় প্ৰদৰ্শনৰ বাবে কালি ৰাজ্যৰ আন আন জিলাৰ স্বাস্থ্য বিভাগৰ লগতে কামৰূপ জিলাৰ স্বাস্থ্য বিভাগকো স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বিশেষভাবে সম্বৰ্দ্ধনা জনায়। কালি আৰু আজি খানাপাৰাস্হিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ দুদিনীয়া বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাখনত উদ্যোগ আৰু বাণিজ্য ইত্যাদি বিভাগৰ সচিব ডা: লক্ষ্মণন এচ, স্বাস্থ্য সেৱা আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক কমলজিৎ তালুকদাৰ, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীল মাধৱ দাস, ইউনিচেফ, বিশ্ব স্বাস্থ্য সন্হা ,ইউ এন ডি পি আদি সংগঠনৰ প্রতিনিধিবৰ্গৰ উপস্থিতিত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাৰ স্বাস্থ্য বিভাগৰ লগতে কামৰূপ জিলা স্বাস্থ্য বিভাগকো কোভিড প্ৰতিষেধকৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য প্ৰদৰ্শনৰ বাবে সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে এই দুদিনীয়া কৰ্মশালাখনত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ অভিযান সঞ্চালকডা: এম এচ লক্ষ্মীপ্ৰিয়াকে ধৰি স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্হিত থাকে। উল্লেখ্য যে কামৰূপ জিলাত আজিৰ তাৰিখলৈ সৰ্বমুঠ ২৬৭৩৫৯৪ সংখ্যক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ১৩৩৮৭৭১ সংখ্যক প্রথম পালি, ১১৮১৬০৮ সংখ্যক দ্বিতীয় পালি আৰু ১৫৩২১৫ সংখ্যক সতৰ্কমূলক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। ১২ ৰ পৰা ১৮ বছৰৰ লৰা-ছোৱালীৰ ক্ষেত্ৰত ৫১৬৬৭ সংখ্যক প্ৰথম পালি আৰু ২৮৯৪৭ সংখ্যক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। ১৫ ৰ পৰা ১৭বছৰৰ বয়সৰ ক্ষেত্ৰত ৬৪৭৮৯ সংখ্যক প্ৰথম পালি আৰু ৪৯০৩১ সংখ্যক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।