কামৰূপ জিলাত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা শান্তিপূৰ্ণভাবে অনুষ্ঠিত* - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, August 28, 2022

কামৰূপ জিলাত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা শান্তিপূৰ্ণভাবে অনুষ্ঠিত*

 কামৰূপ জিলাত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা শান্তিপূৰ্ণভাবে অনুষ্ঠিত

কামৰূপ, আমিনগাওঁ, ২৮ আগষ্টঃ যোৱা ২১ আগষ্টত কামৰূপ জিলাত চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত কৰাৰ পিছত আজি তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা  জিলাখনত  শান্তিপূৰ্ণ আৰু সুকলমে অনুষ্ঠিত হয়। জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সুব্যৱস্থাপনা তথা সুৰক্ষা ব্যৱস্থাৰ ফলশ্ৰুতিত এই পৰীক্ষা আজি সুকলমে জিলাখনত অনুষ্ঠিত হয়। উল্লেখ্য যে কামৰূপ জিলাত আজিৰ এই লিখিত পৰীক্ষা  মুঠ ১০৬ টা কেন্দ্ৰত অনুষ্ঠিত হয়। ইয়াৰে প্ৰথম চীফট ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয় চীফট আবেলি ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হয়। প্ৰথম চীফটত ৩৬, ৪৪৮ আৱেদনকাৰী প্ৰাৰ্থীৰ ভিতৰত৩২,৪৩৮  গৰাকী প্ৰাৰ্থী লিখিত পৰীক্ষাত অৱতীৰ্ণ হয়। দ্বিতীয় চীফটত ২৪,৬৯৫  আবেদনকাৰীৰ বিপৰীতে ২২,৪৫০ গৰাকী প্ৰাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হয়। জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে তৃণমূল পৰ্যায়লৈকেট (micro level) কৰা সুপৰিকল্পনাৰ  ফলশ্ৰুতিত কোনো ধৰণৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি নোহোৱাকৈ এই পৰীক্ষা আজি জিলাখনত সুচাৰুৰূপে  অনুষ্ঠিত হয়। প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে এই পৰীক্ষাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা আৰু নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা হৈছিল। তদুপৰি জিলা দণ্ডাধীশ কীৰ্তি জল্লীয়ে  যোৱা ২০  আগষ্টত এক জাননীৰ জৰিয়তে ভাৰতীয় কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰ সমূহৰ ১০০ মিটাৰ ব্যসাৰ্দ্ধলৈকে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল যাতে এই পৰীক্ষা জিলাখনত স্বচ্ছ আৰু শৃংখলাৱদ্ধভাৱে অনুষ্ঠিত হয়। তদুপৰি এই পৰীক্ষা নিৰীক্ষণৰ বাবে বাহিৰৰ জিলাৰ পৰা ১০৬ গৰাকী নিৰীক্ষক (Supervisor)ক নিয়োজিত কৰা হৈছে। ইয়াৰে ৪০গৰাকী নলবাৰী জিলাৰ আৰু ৬৬গৰাকী কামৰূপ মহানগৰ জিলাৰ। আনহাতে কামৰূপ  জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী আৰু আৰক্ষী অধীক্ষক হিতেশ  চন্দ্ৰ ৰায়ে আজি পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে চাংসাৰিৰ   ছেইণ্ট জেভিয়াৰ হাইস্কুল তথা শৰাইঘাট মহাবিদ্যালয়ত উপস্থিত হৈ এই কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হোৱা দিব্যাংগ পাৰীক্ষাৰ্থী সকলৰ লগতে আন পৰীক্ষাৰ্থী সকলক বিশেষ ভাবে শুভেচ্ছা জ্ঞাপন কৰে।  ইফালে কামৰূপ জিলাত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত হোৱাৰ বাবে জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে এই পৰীক্ষা ব্যৱস্থাপনাৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।


Post Bottom Ad

Responsive Ads Here