তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষা শান্তিপূৰ্ণ আৰু সুকলমে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসন সাজু - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, August 26, 2022

তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষা শান্তিপূৰ্ণ আৰু সুকলমে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসন সাজু

 তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষা শান্তিপূৰ্ণ আৰু সুকলমে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসন সাজু

কামৰূপ, আমিনগাওঁ, ২৬ আগষ্টঃ  যোৱা ২১ আগষ্টত কামৰূপ জিলাত চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ পিছত অহা ২৮ আগষ্টত সমগ্ৰ জিলাৰ ১০৬টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষা নিয়াৰিকৈ তথা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসনে যাৱতীয় সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। ইয়াৰ বাবে জিলা প্ৰশাসনে  এক  ব্যাপক পৰিকল্পনা সাজু কৰি তুলিছে যাতে জিলাখনৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে স্বচ্ছ আৰু শৃংখলাবদ্ধভাৱে এই লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যায়।উল্লেখ্য যে এই পৰীক্ষা জিলাখনৰ মুঠ ১০৬টা কেন্দ্ৰত ২টা চিফটত অনুষ্ঠিত হব। ৰাতিপুৱা প্ৰথম চিফটত ৩৬,৪৪৮ গৰাকী আবেদনকাৰী প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত আবেলিৰ দ্বিতীয় চিফটত ২৪,৬৯৫ গৰাকী আবেদনকাৰী প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব। পৰীক্ষা ব্যৱস্থাপনা নিৰীক্ষণৰ বাবে জিলাখনৰ পৰীক্ষা কেন্দ্ৰ সমূহক ৬টা মণ্ডলত বিভক্ত কৰি অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়াকে ধৰি জেষ্ঠ বিষয়া সকলক নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰসমূহ নিৰীক্ষণৰ বাবে  জিলাৰ বাহিৰৰ ১০৬ গৰাকী পৰ্যবেক্ষকক (Supervisor) নিয়োগ কৰা হৈছে।  ঠিক তেনেদৰে কামৰূপ আৰক্ষীৰ দ্বাৰাও ইয়াৰ বাবে যথোচিত পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে এই পৰীক্ষা স্বচ্ছ, মুক্ত আৰু শৃংখলাবদ্ধভাবে অনুষ্ঠিত কৰাৰ নিশ্চিত কল্পে কামৰূপ জিলাৰ জিলা দণ্ডাধীশ কীৰ্তি জল্লীয়ে যোৱা ২০ আগষ্টত এক জাননীৰ জৰিয়তে ভাৰতীয় কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধলৈকে কিছুসংখ্যক নিষেধাজ্ঞা জাৰি কৰিছে যাতে এই পৰীক্ষা স্বচ্ছ, মুক্ত আৰু শৃংখলাবদ্ধভাবে  সমগ্ৰ জিলাখনত অনুষ্ঠিত কৰিব পৰা যায়।

Post Bottom Ad

Responsive Ads Here