ছয়গাঁও আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠানৰ আয়োজন
ছয়গাঁও, ২৫ আগষ্ট : ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২৯ আগষ্টত ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে । অনুষ্ঠানত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বিদ্যালয়/মহাবিদ্যালয়সমূহৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰসহিতে উত্তীৰ্ণ হৈ ছয়গাঁও অঞ্চললৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ/ছাত্ৰীসকলক অভিনন্দন আৰু সেই বিদ্যালয় অথবা মহাবিদ্যালয়ৰ মুৰব্বীসকলক সম্বৰ্ধনা জনোৱা হব । কাৰ্যসূচী অনুসৰি ২৯ আগষ্ট সোমবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হবলগীয়া মুকলি তথা বিশেষ অভিনন্দন সভাত সভাপতিত্ব কৰিব ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সোনমইনা শালৈয়ে, সভা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাসে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকিব বিশিষ্ট ভাস্কৰ্যশিল্পী বীৰেন সিংহ, সদৌ অসম ছাত্ৰ সন্থাৰ সহ সাঃ সম্পাদক ধৰ্মেশ্বৰ দাস, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা, ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৰোজ সোণোৱাল, ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ কলিতা, ছয়গাঁও ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া অম্বৰীশ বৰা, ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভগৱান ডেকা, জনপ্ৰিয় কন্ঠশিল্পী ৰিচা ভৰদ্বাজ, আমন্ত্রিত অতিথি হিচাপে উপস্হিত থাকিব ছয়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল ঠাকুৰীয়া, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশী, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাস, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি ডেকা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পংকজ কলিতা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহঃ সাঃ সম্পাদক ভৱেশ দাস, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক ধ্ৰুৱ তালুকদাৰ, নিমন্ত্ৰিত অতিথি হিচাপে উপস্হিত থাকিব ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা নুৰ ইছলাম, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা উপম দাস, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা শচীন দাস, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পংকজ কলিতা ।