প্ৰাক্তন আলফা নগেন দাসৰ স্মৃতিচাৰণ সভা
ছয়গাঁও ১৮ মে' : অসম আন্দোলনৰ এসময়ৰ অগ্ৰণী ছাত্ৰ নেতা, এসময়ৰ আলফাৰ বৈদেশিক সচিব তথা আলফাৰ প্ৰাক্তন শীৰ্ষ নেতা নগেন দাস ওৰফে হিমাংশু দত্ত যোৱা ১৪ মে'ত নিজ বাসগৃহত মৃত্যু হয়। আলফাৰ প্ৰাক্তন শীৰ্ষ নেতা গৰাকীৰ স্মৃতি জীয়াই ৰখাৰ উদ্দেশ্য ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীসকলৰ দ্বাৰা গঠিত ছাত্ৰ কল্যাণ ন্যাস, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা, বৃহত্তৰ ধোৱাৰগাঁও ৰাইজ গয়ৰহ, দলৈপাৰা ৰাইজ গয়ৰহ আৰু পৰিয়ালৰ সৈতে আজি বিয়লি প্ৰায় ৩ বজাত ছয়গাঁও চম্পকনগৰ মণ্ডল শিক্ষক ভৱনত এখন সভা অনুষ্ঠিত হৈ যায় । সভাত অহা ১২ জুন তাৰিখে আপোচহীন জাতীয় নেতা নগেন দাসৰ এমহীয়া স্মৃতিচাৰণ সভা ধোৱাৰগাওঁ শ্ৰীশ্ৰীকৃষ্ণ দৌল আৰু সাংস্কৃতিক প্ৰকল্প প্ৰাংগণত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় । স্মৃতিচাৰণ সভাখন পৰিচালনা কৰাৰ বাবে সোনাৰাম সাউদক সভাপতি আৰু গোলাপ মেধীক সম্পাদক হিচাপে দায়িত্ব দি পূৰ্নাংগ কমিটি এখন গঠন কৰে । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি তেখেতৰ স্মৃতি জীয়াই ৰখাৰ বাবে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হব বুলিও উদ্যোক্তাসকলে জানিব দিয়ে । স্মৃতিগ্ৰন্থখন প্ৰস্তুত কৰা বাবে সুকুমাৰ মেধীক সভাপতি, যতিন কলিতা আৰু বিপুল ডাকুৱাক সম্পাদক হিচাপে লৈ এখন সম্পাদনা সমিতি গঠন কৰে। স্মৃতি গ্ৰন্থত তেখেতৰ বিষয়ে জনা ইচ্ছুক ব্যক্তিসকলক নিজৰ নিজৰ লিখনি পঠোৱাৰ বাবে ৯৮৬৪৮১৫৭৫১ আৰু ৯৮৫৪৪৪০০৩০ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে ।