ছয়গাঁৱৰ বামুণীগাঁৱত হাতে হাতে কোৰ পাচি লৈ পথ মেৰামতিত নামিল ৰাইজ
ছয়গাঁও ২৭ মে’ : দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ এটি গুৰুত্বপূৰ্ণ পথ বামুণীগাঁও জামবাৰী গৰৈমাৰী পথ ৷ পথটোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কামাখ্যা যোগীঘোপা ৰে’লপথৰ ওচৰলৈ পকীকৰণ হ’ল ৷ কিন্তু ৰে’লপথৰ পৰা প্ৰায় ৪০০ মিটাৰ এলেকা পকীকৰণ নহ’ল ৷ কিন্তু তাৰ পিচৰ গোটেই অংশও পকীকৰণ হৈছে ৷ কিন্তু মাজতে পকীকৰণৰ বাবে ৰৈ গ’ল প্ৰায় ৪০০ মিটাৰ এলেকা ৷ এই পথছোৱা পকীকৰণ কৰাৰ বাবে স্থানীয় ৰাইজ অৰ্থাৎ হলংজুলি আৰু নমল চৌধুৰীপাৰাৰ ৰাইজে গাঁও পঞ্চায়তকে ধৰি গড়কাপ্তানি বিভাগৰ ওচৰত অনুনয় বিননয় তথা লিখিত আবেদন কৰাৰ পিচতো ৰাইজৰ আবেদনৰ কোনো কাম নাহিল ৷ পথটো মেৰামতি নকৰাৰ ফলত একেবাৰে শোচনীয় হৈ পৰাত পথছোৱাৰে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰাইজ ৷ বিশেষকৈ ওচৰতে থকা বামুণীগাঁও হাইস্কুল আৰু মজলীয়া বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলে যথেষ্ট আহুকালৰ সন্মুখীন হৈ আহিছে ৷ অৱশেষত স্থানীয় হলংজুলি আৰু নমল চৌধুৰীপাৰা গাঁৱৰ ৰাইজে লগ হৈ আজি নিজে পথটো মেৰামতিৰ কামত লাগি পৰে ৷ স্থানীয় ৰাইজে হাতে হাতে কোৰ পাচি আদি লৈ পথটো মেৰামতিৰ কামত নামি পৰে ৷ ৰাইজে প্ৰায় ৩ লাখ টকা খৰচ কৰি চেণ্ড গ্ৰেভেল আৰু বালি পেলাই পথটো যাতায়তৰ বাবে উপযোগী কৰি তোলে ৷ উল্লেখযোগ্য যে বামুণীগাঁৱৰ সোঁমাজৰে জামবাৰী গৰৈমাৰীলৈ যোৱা পথটোত ৰে’ল পথৰ তলৰ সুৰংগটো পানীত বুৰ যোৱাৰ ফলত হলংজুলি হৈ যোৱা পথটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ বৰ্তমান উক্ত পথটোৰে সকলো যান বাহন চলাচল হৈ আছে ৷ ফলত পথটো আৰু অধিক শোচনীয় হৈ পৰে ৷ সেয়েহে স্থানীয় ৰাইজে অতিশীঘ্ৰে পথছোৱা পকীকৰণৰ ব্যৱস্থা কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত স্থানীয় ৰাইজে দাবী জনাইছে ৷