মাতৃহাৰা হল বিশিষ্ট শিল্পী ডঃ সংগীতা কাকতি - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Monday, March 7, 2022

মাতৃহাৰা হল বিশিষ্ট শিল্পী ডঃ সংগীতা কাকতি

 মাতৃহাৰা হল বিশিষ্ট শিল্পী ডঃ সংগীতা কাকতি


জনসেৱা লাইভ, ৭ মাৰ্চ : বিশিষ্ট কণ্ঠশিল্পী তথা ছয়গাঁৱৰ বিশিষ্টা সমাজসেৱী, লেখিকা অঞ্জলী কাকতিৰ আজি বিয়লি প্ৰায় ৫-৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। প্ৰায় ৮৫ বছৰ বয়সত মৃত্যু বৰণ কৰা বিশিষ্টা মহিলা গৰাকী ছয়গাঁৱৰ এসময়ৰ সুচিকিৎসক তথা সমাজকৰ্মী প্ৰয়াত ডাঃ সুৰেন্দ্ৰনাৰায়ণ কাকতিৰ পত্নী। ছোভিয়েট নেহৰু বঁটা বিজয়ী তথা অধ্যক্ষ প্ৰয়াত সুৰেন্দ্ৰ মোহন দাসৰ প্ৰথমা কন্যা অঞ্জলী কাকতি এগৰাকী শিক্ষয়িত্ৰী, বিশিষ্টা লেখিকা আৰু সমাজসেৱী আছিল। তেওঁৰ 'আমেৰিকা ভ্ৰমণৰ মনোৰম চিত্ৰ' শীৰ্ষক গ্ৰন্থখনে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। মৃত্যুৰ সময়ত তেওঁ বিশিষ্ট শিল্পী ডঃ সংগীতা কাকতি কে আদি কৰি তিনিগৰাকী জী, জোঁৱাই, নাতি-নাতিনী এৰি থৈ যায়।


Post Bottom Ad

Responsive Ads Here