স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰামীণ ছাহাৰাৰ মহিলা কৃষক সমাৰোহ
৬ মে’ : ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ছয়গাঁৱৰ গ্ৰামীণ ছাহাৰাৰ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ছয়গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰত বাৰ্ষিক মহিলা কৃষক সমাৰোহ আৰম্ভ হয়। আজি অনুষ্ঠানৰ আৰম্ভণীতে গ্ৰামীণ ছাহাৰাৰ পৰিচালন সঞ্চালক শৰৎ দাসে আদৰণী ভাষণত কয় যে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত মছলা জাতীয় শস্যৰ উৎপাদন ভাল হয় । মানুহৰ আৰ্থিক আৰু সামাজিক অৱস্থা উন্নত কৰাৰ বাবে গাঁৱৰ মহিলাসকলক কৃষিৰ লগত জড়িত কৰি জীৱিকাৰ মান উন্নত কৰাৰ বাবে গ্ৰামীণ ছাহাৰাই কাম কৰি আহিছে । এই মহিলা কৃষক সমাৰোহত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক সঞ্চালিকা কৃষ্ণা বৰুৱা, অসম ৰাজ্যিক প্ৰজেক্ট মেনেজাৰ ধ্ৰৱ গগৈ, কামৰূপ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী পৰাণ শইকীয়া, আই আই ই ৰ প্ৰকল্প স্ফুৰ্টিৰ প্ৰকল্প মুৰব্বী ৰাজীৱ পাঠক, গ্ৰামীণ ছাহাৰাৰ কাৰ্যবাহী সঞ্চালক বিক্ৰমাদিত্য দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্হিত থাকে । অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালিকা কৃষ্ণা বৰুৱাই মহিলা সকলৰ দ্বাৰা উৎপাদিত কৃষি সামগ্ৰী আৰু বস্ত্ৰৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থাকি গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালিকা কৃষ্ণা বৰুৱাই ভাষণ প্ৰসংগত কয় যে সাম্প্ৰতিক সময়ত মহিলা সকল কেৱল ঘৰুৱা কাম কাজত ব্যস্ত থাকিলে নহ’ব । তেওঁলোকে পৰিয়াল চলাবলৈ আয়ৰ পথ ল’ব লাগিব । তেওঁ আৰু কয় যে চৰকাৰী চাকৰি মানে লোকৰ চাকৰ হৈ থকাতকৈ নিজৰ ভৰিত থিয় দিব পৰাকৈ কাম কৰিব লাগে । আনৰ সমালোচনালৈ কৰ্ণপাত নকৰি ভাল কাম কৰিবলৈ ওলাই অহাৰ বাবে মহিলাসকলক তেওঁ আহ্বান জনাই । কৃষক মহিলাসকলৰ দ্বাৰা উৎপাদিত মছলা জাতীয় শস্য সমূহৰ পেকেজিং ভাল কৰিবলৈ আহ্বান জনাই মহিলাসকলৰ দ্বাৰা উৎপাদিত মছলাজাতীয় শস্য সমূহ ৰাজ্যৰ বাহিৰৰ প্ৰদৰ্শনীত বিক্ৰী কৰাৰ সুবিধা কৰি দিব বুলি কৈ মহিলা সকলক উৎসাহিত কৰে । মহিলাসকলক উদ্দেশ্য কয় যে উৎপাদন কৰি থাকিলে নহ’ব উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব লাগিব । আনহাতে জিলা কৃষি বিজ্ঞানী পৰাণ শইকীয়াই সভাত ভাষণ দি মছলাজাতীয় শস্যৰ খেতিৰে এটা পৰিয়ালক কেনেদৰে আয়ৰ পথ দিব পাৰে সেই সম্পৰ্কে মহিলা কৃষলসকলক বিস্তাৰিত ভাবে বুজাই দিয়ে । অনুষ্ঠানত মহিলা কৃষকসকলে বিহু নৃত্য তথা জেং বিহু পৰিৱেশন কৰে । অনুষ্ঠানত বগালাইন বাগানৰ আদৰ্শ মহিলা খেতিয়ক শৰ্মা ৰাভাক অনুষ্ঠানত সম্বৰ্ধনা জনায়।