ছয়গাঁৱত চি আই টি ইউৰ আহ্বানত দক্ষিণ কামৰূপ জিলা অভিৱৰ্তন সম্পন্ন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, March 6, 2022

ছয়গাঁৱত চি আই টি ইউৰ আহ্বানত দক্ষিণ কামৰূপ জিলা অভিৱৰ্তন সম্পন্ন

ছয়গাঁৱত চি আই টি ইউৰ আহ্বানত দক্ষিণ কামৰূপ জিলা অভিৱৰ্তন সম্পন্ন 


জনসেৱা লাইভ' ৬ মাৰ্চ, ২০২২ খ্ৰীষ্টাব্দ ::* দেশৰ কেন্দ্ৰীয় শ্ৰমিক ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহে মাৰ্চ মাহৰ ২৮ আৰু ২৯ তাৰিখে দেশজোৰা সাধাৰণ ধৰ্মঘটৰ আহবান জনাইছে। এই ধৰ্মঘট সমগ্ৰ দেশ তথা ৰাজ্যখনৰ লগতে দক্ষিণ কামৰূপতো সফল কৰাৰ বাবে আজি চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নচ্ (চি আই টি ইউ)ৰ উদ্যোগত ছয়গাঁওত দক্ষিণ কামৰূপ জিলা অভিৱৰ্তন অনুষ্ঠিত হয়। এই অভিৱৰ্তনত দক্ষিণ কামৰূপৰ নিৰ্মাণ শ্ৰমিক, অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, ৰন্ধনকৰ্মী, আশা কৰ্মী, অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিক, বটলিং প্লাণ্ট ঠিকা শ্ৰমিক ইত্যাদি সংগঠনসমূহে অংশ লয়। অভিৱৰ্তনত সভাপতিত্ব কৰে মদন তালুকদাৰ, চাৰুলতা দাস, চন্দ্ৰধৰ ডেকা, লাৱণ্য দাস আৰু মমতা তালুকদাৰক লৈ গঠিত সভাপতিমণ্ডলীয়ে। চি আই টি ইউৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সহঃ সম্পাদক অনিল দাসে উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে জিলা সমিতিৰ সম্পাদক হিতেশ দাসে অভিৱৰ্তনৰ মূল প্ৰস্তাৱ উত্থাপন কৰে। প্ৰস্তাৱৰ ওপৰত অংশগ্ৰহণকাৰী সংগঠনৰ প্ৰতিনিধিয়ে বক্তব্য ৰাখে। চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সাধাৰণ সম্পাদিকা কনকলতা দাস, অসম ৰাজ্যিক কৃষক সভাৰ জিলা সমিতিৰ সম্পাদক দেৱেশ্বৰ দাস, অসম ডাক বীমা কৰ্মচাৰী ইউনিয়ন তথা জনজাতি অধিকাৰ মঞ্চৰ প্ৰতিনিধি ৰিপুঞ্জয় ৰাভা, অল ইণ্ডিয়া ইঞ্চুৰেন্স ৱাৰ্কাৰ্চ এচোছিয়েচনৰ নেতা দীপক দৈমাৰী, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ জিলা সভাপতি মজিদুৰ ৰহমান, অসম ৰাজ্যিক আশা ইউনিয়নৰ জিলা সভানেত্ৰী দেৱজানী কলিতা, অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ নেত্ৰী চাৰুলতা দাসেও  অভিৱৰ্তনত অংশগ্ৰহণ কৰি বক্তব্য ৰাখে। বক্তাসকলে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে জাতীয় মুদ্ৰাকৰণ পাইপ লাইন আঁচনি গ্ৰহণ কৰি পূৰ্বৰ চৰকাৰসমূহে গঢ়ি তোলা ৰাজহুৱা সম্পদ দেশী-বিদেশী পুঁজিপতি বণিয়াৰ ওচৰত বিক্ৰী কৰিব ধৰিছে। ই দেশৰ সাৰ্বভৌমত্বৰ ওপৰত আঘাট হানিছে। বছৰি ২ কোটিকৈ নিবনুৱাক চাকৰি দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ মোডী চৰকাৰৰ সময়ত লক্ষ কোটি শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্মসংস্থান হেৰুৱালে। কোৰোণা অতিমাৰীয়ে বিপৰ্য্যস্ত কৰা দেশৰ জনগণক অত্যাৱশ্যকীয় সামগ্ৰীসমূহ সৰ্বাধিক দাম দি কিনিবলৈ বাধ্য কৰাইছে। জীৱন-জীৱিকাৰ সমস্যাকলৈ যাতে কোনো মানুহ ঐক্যৱদ্ধ হ'ব নোৱাৰে তাৰবাবে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈছে। মোডী চৰকাৰৰ দিনত আক্ৰান্ত হোৱা কৃষকে এবছৰৰো অধিক কাল নিৰন্তৰ গণতান্ত্ৰিক আন্দোলন সংগঠিত কৰি চৰকাৰক কৃষক বিৰোধী কৃষি আইন বাতিল কৰিবলৈ বাধ্য কৰিলে। এই চৰকাৰৰ সৰ্বনশীয়া জনবিৰোধী নীতিয়ে ক্ষতিগ্ৰস্ত কৰা কৃষি শ্ৰমিক, আঁচনিভুক্ত কৰ্মচাৰী, মটৰ শ্ৰমিক, সংগঠিত ও অসংগঠিত ক্ষেত্ৰৰ ঠিকা শ্ৰমিক, দোকান কৰ্মচাৰীকে ধৰি সকলো স্তৰৰ শ্ৰমিক-কৰ্মচাৰী আজি বিক্ষুব্ধ। সকলোতে ঠিকা পদ্ধতি আৰু নিৰ্দিষ্ট সময়ৰ নিয়োগ পদ্ধতি প্ৰয়োগ কৰি ক্ৰমশঃ শ্ৰমিকৰ কামৰ নিৰাপত্তা নোহোৱা কৰিছে। পেঞ্চন ব্যৱস্থা ভাঙি ক্ষতিকাৰক নতুন পেঞ্চন আঁচনি (NPS) আনিলে। এই পৰিস্থিতিত মোডী চৰকাৰক বাধ্য কৰিব লাগিব যাতে শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰে! ৰাষ্ট্ৰৰ সম্পদ ৰাষ্ট্ৰৰ হাততে অব্যাহত ৰাখিবলৈ আৰু শ্ৰমিক-কৰ্মচাৰীৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰিব লাগিব। *ধৰ্মঘট* হৈছে এই কাম কৰাৰ হাতিয়াৰ। দক্ষিণ কামৰূপত ধৰ্মঘট সফল কৰাৰ বাবে সকলো স্তৰৰ শ্ৰমিক-কৰ্মচাৰী, ছাত্ৰ, যুৱ, কৃষক, মহিলা সমন্বিতে গণতান্ত্ৰিক ৰাইজক আগবাঢ়ি অহিবলৈ বক্তাসকলে আহ্বান জনায়। অভিৱৰ্তনে যুদ্ধৰ বিৰুদ্ধে, শান্তিৰ পক্ষে আৰু আমেৰিকান সাম্ৰাজ্যবাদৰ আগ্ৰাসী নীতিৰ প্ৰতিবাদ জনাই; ১৬ মাৰ্চত ৰেচনৰ চাউলৰ নিয়মিত যোগান ধৰা আৰু বনৰীয়া হাতী-ম'হৰ উপদ্ৰৱ ৰোধ কৰাৰ দাবীত বাটৰহাটত হ'বলগীয়া বিক্ষোভ কাৰ্যসূচীৰ সমৰ্থন জনাই আৰু ২৭ মাৰ্চত বকোৰ পৰা জালুকবাৰী ফ্লাইঅভাৰলৈ বাইক মিছিলৰ প্ৰস্তাৱ গ্ৰহণ কৰে।


Post Bottom Ad

Responsive Ads Here