বিধস্ত ছয়গাঁও বিহদিয়া দগাঁও কটহী গড়কাপ্তানী পথ পুনৰ নিৰ্মাণৰ দাবীত স্মাৰক পত্ৰ
'জনসেৱা লাইভ', ৫ মাৰ্চ :: যি পথেৰে ভিলেজ ৰকষ্টাৰ্চে বিশ্বজয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল সেই ছয়গাঁও -বিহদিয়া -দগাঁও কটহী গড়কাপ্তানী পথটি আজি বিধস্ত।দীৰ্ঘদিন ধৰি লোকনিৰ্মাণ বিভাগ উক্ত পথটি মৰামতিৰ কোনো ব্যৱস্থা লোৱা নাই। সেয়ে দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ বিধস্ত হৈ পৰা ছয়গাঁও- বিহদিয়া - দগাঁও কটহীগড়কাপ্তানী পথটো পুনৰ নিৰ্মাণৰ দাবীত ছয়গাঁও বিহদিয়া কালাৰদিয়া গড়কাপ্তানী পথ সুৰক্ষা সমিতিৰ উদ্যোগত ছয়গাঁও আঞ্চলিক ৰাইজ গয়ৰহে আজি ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ পত্ৰ প্ৰেৰণ কৰে।স্মাৰক পত্ৰ প্ৰদানৰ বাবে উত্তৰ ছয়গাঁও আঞ্চলিক ৰাইজ গয়ৰহৰ অন্তৰ্গত চৌধুৰী পাৰা, পটৰীখাট , পুৰাণ কটহী, কালাৰদিয়া, ন-কটহী, আৰু মাকেলী গাঁৱৰ পুৰুষ মহিলাই বালাপুখুৰীৰ বিধস্ত পথটিৰ বিভিন্ন শ্লোগান দি সমদল কৰি ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ অহে। স্মাৰক পত্ৰত উল্লেখ কৰামতে অতিকৈ পুৰণি ৪.৫ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটি ২০১১ চনত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ জৰিয়তে পকীকৰণ কৰা হৈছিল যদিও বৰ্তমানলৈকে পথটিৰ কোনো মেৰামতিৰ ব্যৱস্থা নকৰাত পথটো ইমানেই বিধস্ত হৈ পৰে যে যানবাহনৰ কথা বাদেই পথচাৰী সকলেও খোজকাঢ়ি যোৱাত চৰম অসুবিধাত পৰে। পথটিৰে অহাযোৱা কৰোতে কেবাজনো লোক দুৰ্ঘটনাত পতিত হৈ হাতভৰি ভাঙি ঘূণীয়া হ'ব লগা হৈছে । আনহাতে এই পথটিৰ পটৰীখাটত প্ৰায় দুশ মিটাৰ গৰাখহনীয়াৰ কবলত পৰা অংশত কোনো সুৰক্ষিত সুব্যৱস্থা নোহোৱাত অঞ্চলটোৰ ৰাইজে জীয়াতু ভূগিব লগা হৈছে।উল্লেখযোগ্য যে এই পথটো বিশ্বখ্যাত ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্চ আৰু বুলবুল কেন চিঙৰ সৃষ্টিৰে ধন্য দগাঁও কালাৰদিয়া আৰু শিহুৰ বাবে খ্যাত কলহীনৈৰ সংগমস্থলী পাৰঘাট সংযযোগী মূখ্য পথ। সেয়ে অসমৰ পৰ্যটনত গুৰুত্বপূৰ্ণ ভূমিকা লব পৰা এই পৰা উক্ত গড়কাপ্তানী পথটি চৰকাৰে শীঘ্ৰে পুনৰ নিৰ্মাণৰ কৰি অঞ্চলবাসী ৰাইজৰ যাতায়তৰ সুচল ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। উক্ত স্মাৰক পত্ৰৰ প্ৰতিলিপি কামৰূপ জিলাৰ অভিভাৱক মন্ত্রী, ছয়গাঁও সমষ্টিৰ বিধায়ক , কামৰূপ জিলাৰ উপায়ুক্ত, গড়কাপ্তানী বিভাগৰ মিৰ্জা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্রাক বিহীত ব্যৱস্থা লোৱাৰ বাবে পৃথকে পৃথকে স্মাৰকপত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে।