ছয়গাঁৱৰ নতুন দেউচৰৰ কলেজীয়া ছাত্ৰী নিৰুদ্দেশ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, October 6, 2021

ছয়গাঁৱৰ নতুন দেউচৰৰ কলেজীয়া ছাত্ৰী নিৰুদ্দেশ

 ছয়গাঁৱৰ নতুন দেউচৰৰ কলেজীয়া ছাত্ৰী নিৰুদ্দেশ


ছয়গাঁও, ৬ অক্টোবৰ : ছয়গাঁও সমষ্টিৰ নতুন দেউচৰ গাঁৱৰ দুৰ্গা বিশ্বাস নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতী যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ৷ যুৱতী গৰাকীৰ পিতৃ আনন্দ বিশ্বাসে জনোৱামতে উক্তদিনা তেওঁ আৰু তেওঁৰ পত্নীয়ে পথাৰলৈ কাম কৰিবলৈ যায়। দিনৰ প্ৰায় দুই বজাত জীয়েক দুৰ্গা বিশ্বাসে তাইৰ সৰু ভন্টিক ওচৰৰ এখন ট্ৰেইলৰৰ দৰ্জিক কাপোৰ চিলোৱাৰ বাবদ পইচা দিবলৈ যাম বুলি কৈ তিনিআলী চ’কলৈ ওলাই যায় । তাৰ পিচৰ পৰাই যুৱতী গৰাকীৰ আজিলৈকে কোনো সন্ধান নাই। পৰিয়ালৰ লোকে আত্মীয় স্ৰজনৰ ঘৰত খবৰ লৈয়ো আজিলৈকে যুৱতী গৰাকীৰ কোনো খবৰ পোৱা নাই। আনহাতে ঘটনাৰ পিচদিনাই পৰিয়ালৰ লোকে বকো আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে  বকো আৰক্ষীয়ে যুৱতী গৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও আৰক্ষীয়েও যুৱতী গৰাকীৰ আজিলৈকো কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই  ৷ কোনো লোকে যুৱতী গৰাকীৰ কিবা সন্ধান পালে ওচৰৰ আৰক্ষী থানা নাইবা ৯৯৫৭৩৬০৭৮৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। উল্লেখযোগ্য যে এই বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষা উৰ্ত্তীৰ্ণ হোৱা যুৱতী গৰাকীয়ে লগত কোনো সামগ্ৰী তথা মোবাইল ফোনো লৈ যোৱা নাছিল।


Post Bottom Ad

Responsive Ads Here