বিশিষ্ট শিল্পী ভাস্কৰ বড়োৰ মৃত্যু
ছয়গাঁও ৬ অক্টোবৰ : দক্ষিণ কামৰূপৰ বিশিষ্ট কণ্ঠশিল্পী, যাত্ৰা দলৰ বলিষ্ঠ অভিনেতা ভাস্কৰ বড়ো যোৱা নিশা ১ বজাত স্বৰ্গগামী হয় । ছয়গাঁৱৰ পানীখাইটী শ্ৰীমা দূৰ্গা যাত্ৰা দলৰ সংগীত পৰিচালনাৰ তালিম চলাই থকা সময়তে কালি নিশা বড়ো অসুস্থ হৈ পৰে । লগে লগে প্ৰথমে ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হয় যদিও পথতে শেষ নিশ্বাস ত্যাগ কৰে । এগৰাকী গীতিকাৰ সুৰকাৰ বাদ্যযন্ত্ৰী তথা সমাজ সংগঠকৰূপে অঞ্চলটোত পৰিচিত ছয়গাঁৱৰ মাকেলী কচাৰীপাৰা নিবাসী ভাস্কৰ বড়োৰ মৃত্যুৰ সময়ত বয়স ৪৮ বছৰ হৈছিল । গাঁৱৰ ৰাইজ গয়ৰহৰ সভাপতি বড়ো দীৰ্ঘদিন মধুমেহ ৰোগত ভূগি আছিল । ছয়গাঁও শিল্পী সমাজৰ প্ৰাক্তন সাধাৰণ সম্পাদক ভাস্কৰ বড়োৰ নশ্বৰ দেহ শোভাযাত্ৰা কৰি আনি শিল্পী সমাজৰ কাৰ্যালয়ৰ সমুখত ৰাজহুৱাভাবে শেষ শ্ৰদ্ধা জনোৱা হয় । অনুষ্ঠানত শিল্পী সমাজৰ লগতে ছয়গাঁও প্ৰেছ ক্লাব, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা, নামনি অসম বেণ্ডপাৰ্টি প্ৰযোজক সন্থা শ্ৰীমা দূৰ্গা যাত্ৰা দল আৰু অঞ্চলটোৰ বিশিষ্ট শিল্পীসকলে শেষ শ্ৰদ্ধা জনায় । মাকেলী কচাৰীপাৰা ৰাইজ গয়ৰহে ঘৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থতিত গাঁৱতে বড়োৰ অন্তিম সংস্কাৰ কৰা হয় । মৃত্যুৰ সময়ত তেওঁ পত্নী সহিতে এগৰাকীকৈ পুত্ৰ আৰু জী ইহ সংসাৰত এৰি থৈ যায়।