মিৰ্জাত মৌ সংসাধন গোট মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Monday, October 4, 2021

মিৰ্জাত মৌ সংসাধন গোট মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে

 মিৰ্জাত মৌ সংসাধন গোট মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে

কামৰূপ, আমিনগাঁও ০৪ অক্টোবৰঃ‘‘আত্ম নিৰ্ভৰ ভাৰত গঢ়াৰ অৰ্থে কৃষি ভিত্তিক অৰ্থনীতিৰ উন্নয়নৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ভিতৰত অন্যতম হৈছে ৫০০কোটি টকা ব্যয় সাপেক্ষে ২০২০-২১ বৰ্ষত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান (NBHM) আঁচনি’’–আজি কামৰূপৰ মিৰ্জাত অৱস্থিত হুদুমপাৰ ঔদ্যোগিক এলেকাত স্থাপন কৰা মৌ সংসাধন গোটটি উদ্বোধন কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে এইদৰে কয়৷  মুখ্য অতিথিৰ  আসন অলংকৃত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কৃষি নিৰ্ভৰশীল অৰ্থনীতিৰ উন্নয়ন বাবে এই ক্ষেত্ৰখনৰ  বিকাশ অতি জৰুৰী৷ সেই বাবে কৃষি ক্ষেত্ৰৰ বিভিন্ন গোটৰ কৃষকসকলক সহায় কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুঁজি নিৰ্দ্ধাৰণ কৰিছে৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা আৰু দূৰদৰ্শিতাৰ শলাগ লৈ অসম চৰকাৰ, বিভাগীয় মন্ত্ৰী তথা কৃষকসকলৰ সক্ৰিয়তাৰ বাবে তেওঁ ভূয়শী প্ৰশংসা কৰে৷ বিগত সাত বছৰত হোৱা অসমৰ এই উন্নয়নী যাত্ৰা আগন্তুক দিনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মিলি অধিক ক্ষিপ্ৰ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে দোহাৰে৷ মৌ পালনৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰাৰ বাবে আগবাঢ়ি অহা চল্ট ৰেঞ্জ ফুডচ্‌ প্ৰাইভেট লিমিটেডক মন্ত্ৰীগৰাকীয়ে আন্তৰিক অভিনন্দন জনায় আৰু ইয়াৰ জৰিয়তে  নিয়োগ সৃষ্টি কৰাৰ উপৰি কৃষকসকল উপকৃত হ’ব বুলি উল্লেখ কৰে৷ অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগ, NBHM আৰু ৰাষ্ট্ৰীয় মৌ পৰিষদৰ অন্তৰ্গত চল্ট ৰেঞ্জ ফুডচ্‌ প্ৰাইভেট লিমিটেডৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই ৰাজ্যখনৰ কৃষি ক্ষেত্ৰৰ উন্নয়নকল্পে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিভাগীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক ধন্যবাদ জনায়৷ তেওঁ কয় যে ২০২২ বৰ্ষৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ বাবে প্ৰধান মন্ত্ৰীয়ে লোৱা পদক্ষেপত অসম চৰকাৰে পূৰ্ণ সহযোগিতা কৰি লক্ষ্যত উপনীত হ’বলৈ দায়বদ্ধতাৰে প্ৰচেষ্টা কৰি আছে৷ অসমৰ মৌপালকসকল এতিয়াও অসংগঠিত খণ্ডতে আছে যদিও তেওঁলোকক সংগঠিত কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শত কৃষি ক্ষেত্ৰখনৰ সৰ্বাংগীন বিকাশৰ বাবে ইয়াৰ সহযোগী ক্ষেত্ৰসমূহৰ ওপৰতো সমানে গুৰুত্ব দিয়া হৈছে৷ তাৰ অন্যতম উদাহৰণ মৌ পালন বুলি তেওঁ কয়৷ উদ্বোধনী সভাত আদৰণি ভাষণ প্ৰদান কৰে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনৰ কৃষি সহযোগ আৰু কৃষক কল্যাণ (উদ্যান শস্য) বিভাগৰ অতিৰিক্ত আয়ুক্ত তথা ৰাষ্ট্ৰীয় মৌ পৰিষদৰ কাৰ্যবাহী সঞ্চালক ড॰ এন কে পাট্‌লেয়ে৷ সভাত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় আগৰৱালাইও ভাষণ দিয়ে৷ আনহাতে আজি উদ্বোধন হোৱা মৌ সংসাধন গোটৰ স্বত্বাধিকাৰ  চল্ট ৰেঞ্জ ফুডচ্‌ প্ৰাইভেট লিমিটেডৰ সঞ্চালক ডি এছ ক’হলিয়ে কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক দিনত চৰকাৰৰ সহযোগিতাত আত্ম নিৰ্ভৰ ভাৰত অভিযানত নিষ্ঠাৰে সেৱা আগবঢ়াব বুলি কয়৷ সভাত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদকে ধৰি বিশিষ্ট ব্যক্তিসকল আৰু মৌপালকসকল উপস্থিত থাকে৷ উল্লেখযোগ্য যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে ২০২০-২১ বৰ্ষত NBHM হাতত লোৱা হৈছিল আৰু আজি উদ্বোধন কৰা মৌ সংসাধন গোটটি এই আঁচনিৰ অধীনত স্থাপন কৰা হৈছে৷

Attachments area


Post Bottom Ad

Responsive Ads Here