কামৰূপ জিলাত গান্ধী জয়ন্তী-আন্তৰ্জাতিক অহিংসা দিৱস উদযাপন
আমিনগাঁও ০২ অক্টোবৰঃ সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাতো আজি গান্ধী জয়ন্তী তথা আন্তৰ্জাতিক অহিংসা দিৱস পালন কৰা হয়৷ জিলাখনৰ বিভিন্ন স্থানত গাঁওসভা অনুষ্ঠিত কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেঞ্চ যোগে পঞ্চায়তৰ সভাপতি, জল জীৱন মিছনৰ পানী সমিতিৰ লগত কৰা মতবিনিময় প্ৰত্যক্ষ কৰে৷ জিলাৰ বিভাগসমূহৰ অধীনত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে জিলা প্ৰশাসনৰ উদ্যোগত অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি প্ৰাৰ্থনা আৰু মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনিৰ সাহায্য বিতৰণ সভা অনুষ্ঠিত হয়৷ সভা আৰম্ভ কৰাৰ আগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ বছৰীয়া আৰু ভাৰতৰ দ্বিতীয় প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ ১১৭ বছৰীয়া জয়ন্তী উপলক্ষে ৰামধুন পৰিবেশনেৰে দুয়োগৰাকী মহান মনিষীৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়৷ ইয়াৰ পিছতে অসম সংগীতেৰে আৰম্ভ কৰা সভাত আন্তৰ্জাতিক অহিংসা দিৱস উপলক্ষে মন্ত্ৰী পাটোৱাৰীয়ে সকলোকে অহিংসা আৰু শান্তিৰ শপত বাক্য পাঠ কৰোৱায়৷ সভাত স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰকাশিত ‘স্বাস্থ্য দৰ্পন’ আলোচনীখনৰ দ্বিতীয় সংখ্যাটি উন্মোচন কৰা হয়৷ সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী পাটোৱাৰীয়ে তেওঁ নিজে স্বাস্থ্য মন্ত্ৰী হৈ থকা সময়ৰ অসমৰ স্বাস্থ্য খণ্ড আৰু বৰ্তমানৰ স্বাস্থ্য খণ্ড সম্পৰ্কত এক তুলনামূলক অৱলোকন দাঙি ধৰে৷ তেওঁ লগতে কয় যে দক্ষ আৰু দূৰদৰ্শী ড॰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে মন্ত্ৰী হৈ থকা অৱস্থাত শিক্ষা, স্বাস্থ্য, আদি বিভাগত গঢ়া বুনিয়াদ, বিত্তীয় সংস্কাৰ তথা বৰ্তমান মুখ্যমন্ত্ৰী হিচাপে তৰিৎ গতিত কাৰ্যসম্পাদনেৰে চলোৱা চৰকাৰৰ এই যাত্ৰাই নিশ্চিতভাৱে অসমক দেশৰ পাঁচখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ শাৰীত থিয় কৰাব৷ সভাত স্বাস্থ্য মন্ত্ৰী মহন্তই ৰাজ্যখনৰ কোভিড পৰিস্থিতি আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে চৰকাৰে হাতত লোৱা প্ৰতিষেধক প্ৰদানকে ধৰি বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদ ব্যাখ্যা আগবঢ়াই এতিয়াও বাকী থকা সকলোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ অনগাত দিনত স্বাস্থ্য খণ্ডকে ধৰি সকলো ক্ষেত্ৰতে অসমত এক আমূল পৰিবৰ্তন হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে ভেটি ৰক্ষা, স্বাস্থ্য আৰু শিক্ষাৰ উন্নয়নৰ বাবে সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে৷ চৰকাৰে জনসাধাৰণৰ নিজা ঠিকনা প্ৰদানৰ উদ্দেশ্যেৰে আজি মুকলি কৰিবলগীয়া মিছন বসুন্ধৰা হৈছে অসমৰ খিলঞ্জীয়া আৰু প্ৰকৃত ভাৰতীয়ৰ বাবে গ্ৰহণ কৰা তেনে এক সুদূৰপ্ৰসাৰী পদক্ষেপ৷ আজিৰ সভাত প্ৰাৰ্থনা আঁচনিৰ অধীনত জিলাখনৰ ১৮ টা পৰিয়ালক চেকৰ জৰিয়তে টকা প্ৰদান কৰাৰ উপৰি মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত ৩৫ গৰাকী বিধৱাক ২.৫ লাখ টকাকৈ প্ৰদান কৰে। তথ্য আৰু জনসংযোগ বিষয়া মঞ্জু ৰাণী ডেকাই আঁত ধৰা সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে৷ সভাত বিধায়ক দিগন্ত কলিতা আৰু ৰেকিবুদ্দিন আহমেদেও ভাষণ প্ৰদান কৰে৷ সভাত জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপৰি স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু হিতাধিকাৰীসকল উপস্থিত থাকে৷