ছয়গাঁৱত অসমৰ প্ৰথমখন কাবাডী একাডেমী উদ্বোধন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, December 20, 2020

ছয়গাঁৱত অসমৰ প্ৰথমখন কাবাডী একাডেমী উদ্বোধন

 ছয়গাঁৱত অসমৰ প্ৰথমখন কাবাডী একাডেমী উদ্বোধন


ছয়গাঁও : গাঁৱৰ খেল বুলি অভিহিত কাবাদী খেল এতিয়া অলিম্পিকলৈকে প্ৰসাৰ হৈছে ৷ এইবিধ খেলৰ অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে নৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ উদ্দেশ্য আগত ৰাখি পোন অসমত প্ৰথমবাৰৰ বাবে ছয়গাঁৱত স্থাপন হ’ল কাবাদী একাডেমী ৷ আজি এই কাবাদী একাডেমীৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় ছয়গাঁও মিনি ষ্টেডিয়ামত ৷ "দক্ষিণ কামৰূপ কাবাদী একাডেমী" নামৰ এই অনুষ্ঠানটোৰ আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে সদৌ অসম কাবাদী সন্থাৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মাই ৷ সদৌ অসম কাবাডী সন্থাৰ অধীনত ৩৫ খন জিলা দলে স্বকৃতি লাভ কৰিছে যদিও দক্ষিণ কামৰূপ কাবাডী একাডেমী অসমৰ প্ৰথমখন কাবাডী একাডেমী বুলি ক্ৰীড়া সংগঠক শৰ্মাই তেওঁৰ ভাষণত উল্লেখ কৰে। তদুপৰি  ছয়গাঁৱত স্থাপন কৰা এই কাবাডী একাডেমি অনুপ্ৰেৰণা লৈ অসমৰ আন ঠাইতো এনেদৰে কাবাডী একাডেমী গঢ়লৈ উঠিব বুলি শৰ্মাই আশা প্ৰকাশ কৰে। আনহাতে কাবাদী একাডেমিৰ  জাৰ্চি মুকলি কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া  স্বপ্ননীল বৰুৱাই ৷ উদ্ধোধনী অনুষ্ঠানত ছয়গাঁও আৰু পাণ্টান ছোৱালী কাবাদী দল দুটাৰ মাজত এখন খেল অনুষ্ঠিত হয় আৰু এই খেলখনত ছয়গাঁও কাবাডী দলটিয়ে জয়লাভ কৰে। অনুষ্ঠানত সৰ্বভাৰতীয় কাবাডী সন্থাৰ সভাপতি সুবোধমল্ল বৰুৱা, সদৌ অসম কাবাডী ৰেফাৰী সন্থাৰ সভাপতি প্ৰবীন দাস, সদৌ অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক আবেদুৰ ৰহমানকে ধৰি বহু কেইজন ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত তথা কেবাগৰাকীও বিশিষ্ট ব্যক্তি  উপস্থিত থাকে ৷


Post Bottom Ad

Responsive Ads Here