জেছমিনা আখতাৰৰ ধৰ্ষণ কাৰীৰ ফাঁচীৰ দাবীত অসম মিঞা পৰিষদৰ উত্তাল প্ৰতিবাদ
সোণতলীৰ পৰা ইছমাইল হুছেইনৰ প্ৰতিবেদনঃ কামৰূপৰ জাওকাটা দিয়া আঞ্চলিক বজাৰ প্ৰাংগণত দেওবাৰে অসম মিঞা পৰিষদ কামৰূপ জিলা সমিতিৰ উদ্যোগত কিছু দিন আগত বৰপেটা হাউলিৰ জেছমিনা আখতাৰক ধৰ্ষণ কৰি হত্যা কৰা পাষণ্ডক ফাঁচি ৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীত অসম-মিঞা (অসমীয়া) পৰিষদৰ কৰ্ম কৰ্তা সকলে হাতে হাতে প্লে কাৰ্ডলৈ জেছমিনা আখতাৰৰ ধৰ্ষণ কাৰীৰ ফাঁচি চাই,নাৰী নিৰ্যাতন বন্ধ কৰক, আমাৰ দাবী ন্যায্য দাবী, We want justice ,অসম মিঞা পৰিষদ জিন্দাবাদ,জয় আই অসম আদি ধ্বনিৰে বকোৰ জাওকাটা বজাৰৰ পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত অসম মিঞা পৰিষদ কামৰূপ জিলা সমিতিৰ মুখপাত্ৰ এম মুক্তাৰ মণ্ডলে উপস্থিত থাকি কয় যে অসমৰ বৰপেটা হাউলিৰ জেছমিনা আখতাৰ উচ্চ শিক্ষাৰ বাবে ইষ্ট বাংগালোৰ কলেজত বি এছ চি নাৰ্ছিং পঢ়িবলৈ গৈছিল।তাত দূৰ্ভাগ্যজনক বাবে ধৰ্ষণ কৰি হত্যা কৰা পাষণ্ডক আইনৰ আওতাত আনি ফাঁচি দিবলৈ চৰকাৰক আহ্বান জনায়। লগতে শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ নামত দালাল নিয়োগ কৰা বিষয়টো তদন্ত কৰিবলৈ চৰকাৰক দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত অসম-মিঞা অসমীয়া পৰিষদ কামৰূপ জিলা সমিতিৰ সভাপতি এম বাহাৰুল ইছলামে কয় যে অসমৰ শিক্ষা ব্যৱস্থা পয়লগা বাবেই অসমৰ যুৱতী বহিৰাজ্যত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ ফলত এনে দূৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল বুলি চৰকাৰক সমালোচনা কৰে। প্ৰতিবাদী কাৰ্যসূচীত অসম-মিঞা অসমীয়া পৰিষদ কামৰূপ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক এম আনোৱাৰ হুছেইনে কয় যে ষড়যন্ৰ মূলক বাবে জেচমিনা আখতাৰক ধৰ্ষণ কৰি হত্যা কৰা অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰি ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত অসম-মিঞা অসমীয়া পৰিষদৰ শতাধিক কৰ্ম কৰ্তা উপস্থিত থাকে।