কামৰূপ জিলা ঊশ্বু চেম্পিয়নশ্বিপ - ২০২০ প্ৰতিযোগিতা বকোত সম্পন্ন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, December 20, 2020

কামৰূপ জিলা ঊশ্বু চেম্পিয়নশ্বিপ - ২০২০ প্ৰতিযোগিতা বকোত সম্পন্ন

কামৰূপ জিলা ঊশ্বু চেম্পিয়নশ্বিপ - ২০২০ প্ৰতিযোগিতা বকোত সম্পন্ন


বকোৰ পৰা বিষ্ণু ৰাম দাস  :  কলা শিক্ষণৰ জৰিয়তে শাৰীৰিক সু স্বাস্ব্য আৰু আত্মৰক্ষাৰ কৌশল আ‌য়ত্বকৰী নিজকে প্ৰতিষ্ঠা কৰা বিদ্যা ঊশ্বু খেলৰ কামৰূপ জিলা সমিতিৰ - ২০২০ ৰ তেৰ সংখ্যা প্ৰতিযোগিতাৰ খেল খন দেওবাৰে বকোত অনুষ্ঠিত হয়। বকো মজলীয়া বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত খেলত ছাৱ জুনিয়ৰ ; জুনিয়ৰ আৰু ছিনিয়ৰ শ্ৰেণীত মুঠ সত্তোৰ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে বুলি জানিব দিয়ে কামৰূপ জিলা গ্ৰাম্য ঊশ্বু চেম্পিয়নশ্বিপ প্ৰতিযোগিতা আয়োজক সমিতিৰ সভাপতি নিত্যানন্দ বিয়োগী আৰু সম্পাদক দূৰ্গেশ্বৰ ৰাভাই। জিলা ঊশ্বু খেল প্ৰতিযোগীতা আয়োজক সমিতিৰ অন্যতম সদস্য তথা ঊশ্বু খেলৰ শিক্ষক গোবিন্দ দাসে জনোৱা মতে কামৰূপ গ্ৰাম্য জিলাৰ ভিন্ন প্ৰান্তৰ খেলুৱৈ আৰু প্ৰশিক্ষক উপস্থিত থকা খেল খনত বিচাৰক হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় খেল বিচাৰক গোপী সিং লামা ; ৰাকছেন আৰ মাৰাকৰ লগতে বহু কেইজন বিশিষ্ট খেলুৱৈ। উল্লেখ্য যে ; দিনযোৰা কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা খেলত ছিনিয়ৰ কেটেগৰীত মহীধৰ ৰাভাই প্ৰথম স্থান লাভ কৰে। খেলৰ শেষত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকে অসম গৌৰৱ মিষ্টাৰ ইউনিৰ্ভাছ গোলাপ ৰাভা ; শংকৰদেৱৰ শিশু/ বিদ্যা নিকেতন ডাকুৱাপাৰাৰ প্ৰধানাৰ্চাৰ্য্য বিজন কুমাৰ ৰাভা ; বকো বজাৰ সমিতিৰ সভাপতি খগেন ঠাকুৰীয়া আৰু সম্পাদক সম্ভু ভদ্ৰ আৰু বহু কেইজন বিশিষ্ট সমাজকৰ্মী।


 

Post Bottom Ad

Responsive Ads Here