প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ স্মৃতিচাৰণ সভা
নগৰবেৰাৰ পৰা আব্দুল হকৰ প্ৰতিবেদন : মানৱ দৰদী সংখ্যালঘু জনগণৰ এগৰাকী পথ প্ৰদৰ্শক তথা চৰ অঞ্চলৰ উন্নয়নৰ খনিকৰ আছিল প্ৰয়াত দিলদাৰ ৰেজ্জা। তেও আছিল বিশাল হৃদয়ৰ অধিকাৰী। সুদুৰ চৰ অঞ্চলৰ পৰা তিনিবাৰকৈ বাঘবৰ সমষ্টিৰ বিধায়ক হোৱাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী পদ অলংকৃত কৰিবলৈ সক্ষম হোৱা আমছু প্ৰতিষ্ঠাপক উপ সভাপতি প্ৰয়াত দিলদাৰ ৰেজ্জাৰ স্মৃতিচাৰণ সভা দক্ষিণ বৰপেটা জিলা আমছুৰ উদ্যোগত ৰবিবাৰে সমষ্টিটোৰ আলোপতি মাজৰচৰ বজাৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। আমছুৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ সভাপতি ৰহুল আমিনে সভাপতিত্ব কৰা স্মৃতিচাৰণ সভা খনত বৰপেটাৰ সাংসদ আব্দুল খালেক, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, বিধায়ক ক্ৰমে শুকুৰ আলী আহমেদ, আলহাজ আব্দুৰ ৰশিদ মণ্ডল, প্ৰাক্তন বিধায়ক মুক্তাৰ হুছেইন খান, আব্দুল হামিদ, আমছুৰ প্ৰাক্তন সভাপতি ছামচুল হক, আমছুৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক ছাহজাহান আলী আহমেদ, আমছুৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন,জিলা পৰিষদৰ সদস্য নুৰুল তালুকদাৰ,অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ খলিলুৰ ৰহমান আদি বক্তাই প্ৰয়াত দিলদাৰ ৰেজ্জাৰ কৰ্মজীৱন সম্পৰ্কে আলোকপাত কৰে। উল্লেখ্য যে স্মৃতিচাৰণ সভাত প্ৰয়াত দিলদাৰ ৰেজ্জা স্মৃতিত আব্দুল ওৱাহাব আৰু শ্বেখ ময়নুল হকৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৰণিকা উন্মোচন কৰে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে।৷