ৰঙিয়াত ৰাইজৰ দলৰ ৰাজহুৱা সভা
ৰঙিয়াৰ পৰা হেমেন কলিতাৰ প্ৰতিবেদন : কামৰূপ জিলাৰ ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত দেওবাৰে ৰঙিয়া বিধান সভা সমষ্টি আহ্বায়ক সমিতি গঠনৰ উদ্যেশ্যে ৰাইজৰ দলৰ এক সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে গুৱাহাটী উচ্চন্যায়লয়ৰ জ্যেষ্ঠ অধিবক্তা তথা ৰাজ্যিক আহ্বায়ক অৰূপ বৰবৰা, ৰাজ্যিক আহ্বায়ক হৰেশ্বৰ বৰ্মণ, গোৰেশ্বৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পংকজ শৰণীয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহ সম্পাদক প্ৰাঞ্জল কলিতাৰ লগতে কৰ্মীবৃন্দ সকল। এই সভাৰ জৰিয়তে অৰূপ বৰবৰাই কয় যে অসমৰ ইমূৰৰ পৰা সীমূৰলৈ ৰাইজৰ দলক ৰাইজে উষ্ম আদৰণি জনাইছে লগতে কয় যে ভবিষ্যতে সকলো আঞ্চলিক দল ঐক্যবদ্ধ হৈ মাৰ বান্ধি থিয় দিব লাগিব লগতে তেওঁ ৰঙিয়াৰ বিভিন্ন সমস্যাৰ কথাও উল্লেখ কৰে।এইফালে অখিল গগৈৰ সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহ সম্পাদক প্ৰঞ্জল কলিতাই কয় যে অখিল গগৈক গোচৰৰ ওপৰত গোচৰ তৰি কাৰাবন্দী কৰি ৰাখিছে। ইয়াৰ কাৰণ এই যে তেওঁ মুকলি আকাশৰ তলত অহাৰ লগে লগে বিজেপি চৰকাৰৰ পতন হব।