বকোত জননেতা সব্যসাচী ৰাভাৰ স্মৃতিচাৰণ সভা - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Monday, December 14, 2020

বকোত জননেতা সব্যসাচী ৰাভাৰ স্মৃতিচাৰণ সভা

বকোত জননেতা সব্যসাচী ৰাভাৰ  স্মৃতিচাৰণ সভা


বকোৰ পৰা বিষ্ণু ৰাম দাস : সমগ্ৰ ৰাভা জনগোষ্ঠীৰ আধুনিক বাটকটিয়া নেতাৰ গুণৰ অধিকাৰী জননেতা সব্যসাচী ৰাভাৰ ঊনবিংশ সংখ্যক মৃত্যু দিৱস উদযাপন কৰা হয় কামৰূপ জিলাৰ বকোত। উল্লেখ্য যে ; বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা ; জিলা ৰাভা মহিলা পৰিষদ ; জিলা ষষ্ঠ অনুসুচী দাবী সমিতি আৰু জিলা ৰাভা সাহিত্য সভাৰ উদ্যোগত বকোস্থিত জিলা ৰাভা ছাত্ৰ সন্থাৰ কাৰ্য্যালয় প্ৰাঙ্গনত দিনযোৰা কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰে অষ্টম বাৰ্ষিক স্মৃতিচাৰণ সভা। জননেতা সব্যসাচী ৰাভাৰ জীৱনীভিত্তিক আলোকপাত কৰা স্মৃতিচাৰণ সভাৰ সঞ্চালনা কৰে সব্যসাচী ৰাভাৰ জীৱন কালৰ সতীৰ্থ মুকুন্দ ৰাভাই। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নমল কুমাৰ ৰাভাই আঁত ধৰা বিশেষ জনবহুল স্মৃতি চাৰণ সভাত উপস্থিত থাকে উদ্যোক্তা মণ্ডলীৰ উপৰিও ৰাভা জনগোষ্ঠীৰ বহু কেইজন বিশিষ্ট অতিথি। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভাৰ লগতে সংগঠন কেইটাৰ জিলা সভাপতি সকলে পতাকা উত্তোলন কৰা অনুস্থানত শ্বহীদ তৰ্পণ ; গছপুলি ৰোপণ ; সমন্বয় যাত্ৰা আদিকে ধৰি বহু কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়।সভাত কামৰূপ জিলা পৰিষদৰ উপ সভাপতি কাম্বু ৰাম ৰাভা ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰী ; সুমিত ৰাভা ; ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি প্ৰদীপ ৰাভা ; পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰী ; বিশিষ্ট সমাজকৰ্মী প্ৰফুল্ল বড়ো আৰু কামৰূপ জিলা গোৰ্খা কল্যাণ সমিতিৰ ; বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ বিষয় ববীয়া আৰু বৃহত্তৰ অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট সমাজকৰ্মী উপস্থিত থাকে। স্মৃতিচাৰণ সাব্যসাচী ৰাভাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে বহু গুণমুগ্ধই।


Post Bottom Ad

Responsive Ads Here