জামুগুৰিহাটৰ কুসুমটোলাৰ নামঘৰত
জামুগুৰীহাট : জামুগুৰিহাটৰ কুসুমটোলাৰ পদ্মপুৰৰ নামঘৰত বুধবাৰে নিশা চোৰৰ দলে প্ৰবেশ কৰি লুটপাত কাৰ্য্য সংঘটিত কৰে।১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ৰ পৰা মাত্ৰ এশ মিটাৰ মান দূৰত্বত অৱস্হিত শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ নামঘৰটোৰ পৰা চোৰে দান পাত্ৰত থকা নগদ তিনি হাজাৰৰো অধিক টকা, এযোৰ তাল,পিটলৰ চাকিৰ গছাকে ধৰি বহু সামগ্ৰী চুৰি কৰি নিয়ে। পুৱাৰ ভাগতহে ৰাইজে নামঘৰত চোৰ সোমোৱাৰ কথা জানিব পাৰি স্থানীয় ৰাইজক অৱগত কৰোৱাৰ লগতে জামুগুৰি আৰক্ষীকো অৱগত কৰে।স্থানীয় ৰাইজয়ে আঞ্চলটোত নৈশ পহৰাৰ ব্যৱস্থা নোহোৱাৰ বাবেই এইদৰে চুৰি কাৰ্য্য সংঘটিত হবলৈ পালে বুলিও মন্তব্য কৰিছে।