বিজেপি, অসম প্ৰদেশৰ উদ্যোগত "কৃষক সন্মিলনী" - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, December 17, 2020

বিজেপি, অসম প্ৰদেশৰ উদ্যোগত "কৃষক সন্মিলনী"

বিজেপি, অসম প্ৰদেশৰ উদ্যোগত "কৃষক সন্মিলনী" 

গুৱাহাটী : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত,ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ দ্বাৰা বৃহস্পতিবাৰে "কৃষক সন্মিলনী" অনুষ্ঠিত হয়। বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস  উক্ত সন্মিলনত অংশগ্ৰহণ কৰি  কৃষক সকলৰ সৈতে মত বিনিময় কৰে। সভাত ভাষণ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে  কয় যে, দেশৰ অন্নদাতা কৃষক সকলৰ বাবে সদায় ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰে দায়বদ্ধতাৰে তথা নিষ্ঠাৰে কাম কৰিবলৈ যত্ন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয়  আৰু  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ দুখনে বহু শক্তিশালী সিদ্ধান্তৰে বহু বাধাৰ প্ৰাচীৰ ভাঙি কৃষকসকলৰ সু-নিশ্চিত সুৰক্ষাৰ বাবে কেইবাটাও দৃষ্টান্তমুলক পদক্ষেপ হাতত লৈছে। সভাত অংশগ্ৰহণ কৰি বিজেপি, অসম প্ৰদেশৰ প্ৰভাৰী  বৈজয়ন্ত জয় পাণ্ডাই কয় যে,ভাৰতীয় জনতা পাৰ্টি দল তথা চৰকাৰে  অতি যত্ন আৰু দায়বদ্ধতাৰে অন্নদাতা কৃষক সকলৰ বাবে কাম কৰি আছে আৰু আগলৈও কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু  মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে বহু অভূতপূৰ্ব শক্তিশালী সিদ্ধান্ত লৈ কৃষকৰ সুৰক্ষা তথা ভৱিষ্যত হিতৰ বাবে বিভিন্ন পদক্ষেপ লৈছে। সন্মিলনত সহ প্ৰভাৰী  পৱন শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তপন গগৈ  আৰু  পল্লব লোচন দাস, ৰাজ্যিক কৃষক মৰ্চ্চাৰ  প্ৰফুল্ল বৰা, ৰাজ্যিক বিষয়ববীয়া সকল,কার্যকতা সকল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অহা কৃষকসকল উপস্থিত থাকে বুলি বিজেপিৰ সংবাদ কোষৰ ৰাজ্যিক আহ্বায়ক হৰি প্ৰসাদ শইকীয়াই জনায়।


Post Bottom Ad

Responsive Ads Here