নগৰবেৰাত নিচা জাতীয় সামগ্ৰী সহ দুজন আটক
নগৰবেৰাৰ পৰা আব্দুল হকৰ প্ৰতিবেদন : নিচাজাতীয় দ্ৰব্যৰ ৰম্যভূমিত পৰিণত কামৰূপ জিলাৰ নগৰবেৰাৰ টুপামাৰী।একাংশ অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিনৰে পৰা বৃহত্তৰ টুপামাৰী অঞ্চলত চলাই আহিছে নিচাজাতীয় দ্ৰব্য, কফ চিৰাপ আদিৰ ৰমৰমীয়া বেহা।যুৱ সমাজ ধ্বংসকাৰী এনে ব্যৱসায় অবাধে চলি থকাৰ সময়তে যোৱা নিশা নিচাজাতীয় দ্ৰব্য সহ আৰক্ষীৰ হাতত আটক হয় দুই যুৱক।ধৃত যুৱকদ্বয় ছয়গাঁৱৰ চাম্পুপাৰাৰ ছফিকুল ইছলাম আৰু ইছমাইল হুছেইনক বুলি জানিব পৰা গৈছে।টুপামাৰী আৰক্ষীয়ে আটক কৰে এই যুৱক দুজনক। উল্লেখযোগ্য যে,যুৱক দুজনে টুপামাৰীৰ এজন কুখ্যাত ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিছিল এই বৃহৎ পৰিমাণৰ কফ চিৰাপখিনি।ক্ৰয় কৰা নিচাজাতীয় কফ চিৰাপ বাইকেৰে চাম্পুপাৰালৈ নিয়াৰ সময়তে টুপামাৰী আৰক্ষীয়ে হাতে লোটে কৰায়ত্ব কৰে ছফিকুল ইছলাম আৰু ইছমাইল হুছেইনক।লগতে জব্দ কৰে বাইক সহ নিচাজাতীয় কফ চিৰাপৰ বটল কেইটা। এতিয়া প্ৰশ্ন হয়, টুপামাৰীত চলি থকা নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা বন্ধ হব কেতিয়া?