গৰৈমাৰীত গাঞ্জা ব্যৱসায়ী গ্ৰেপ্তাৰ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, November 5, 2020

গৰৈমাৰীত গাঞ্জা ব্যৱসায়ী গ্ৰেপ্তাৰ

 গৰৈমাৰীত গাঞ্জা ব্যৱসায়ী গ্ৰেপ্তাৰ


গৰৈমাৰীত গাঞ্জা ব্যৱসায়ী গ্ৰেপ্তাৰ
গৰৈমাৰী : দক্ষিণ কামৰূপৰ চৰাঞ্চল সমূহত চলি আছে গাঞ্জাৰ ৰমৰমীয়া বেহা।  ছয়গাঁও আৰক্ষীয়ে বুধবাৰে নিশা এক অভিযান চলাই গৰৈমাৰী বিহাপাৰাৰ পৰা এক কিলোগ্ৰাম গাঞ্জা সহ এজন  গাঞ্জা ব্যৱসায়ীক আটক কৰে। আৰক্ষীয়ে বিহাপাৰাৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা চোৰাং গাঞ্জা ব্যৱসায়ীজনৰ নাম হ'ল চাহেব আলী। গৰৈমাৰী বিহাপাৰাৰ  চাহেব আলীৰ ঘৰৰ পৰা ১ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা বুলিও আৰক্ষী সুত্ৰে জানিব পৰা গৈছে । আৰক্ষী  জনোৱা মতে ধৃত চাহেব আলীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত গাঞ্জাৰ অবৈধ ব্যৱসায়  চলাই  আছিল। আৰক্ষীয়ে চাহেব আলীৰ বিৰুদ্ধে ১০৯৫/২০২০ নম্বৰত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে জেৰা কৰি আছে।


Post Bottom Ad

Responsive Ads Here