চোৰাং গাড়ী সহ প্ৰায় ১ লাখ টকাৰ চেগুন কাঠৰ কুণ্ডা জব্দ
নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বকোৰ ভূটাৰ গাড়ীত যোৱা নিশা বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই ডি আই গাড়ীসহ চেগুন কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, যোৱা নিশা প্ৰায় ১.৩০ বজাত বকোৰ ভূটাৰ গাড়ীত বন বিভাগৰ বামুনীগাঁও বনাঞ্চলিক বিষয়া কুশল দাসৰ নেতৃত্বত আৰু বন পালক চানাতুল্লা আলীৰ সহযোগত এটি বন বিভাগৰ দলে চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই । অভিযানৰ সময়ত এখন পঞ্জীয়নবিহীন ডি আই গাড়ীৰ সৈতে মূল্যবান চেগুন কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা চেগুন খিনিৰ মূল্য প্ৰায় ১ লাখ টকা হব বুলি জানিব পৰা গৈছে । উল্লেখ্য বামুনীগাঁও বনাঞ্চলিক বিষয়া কুশল দাসৰ বিশেষ খবৰৰ ভিত্তিতে যোৱা নিশা বন বিভাগে অভিযান চলাই উক্ত গাড়ীসহ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত কাঠখিনি বামুনীগাঁও বনাঞ্চলিক কাৰ্যালয়লৈ নিয়া বুলি জানিব পৰা গৈছে ।