ছয়গাঁৱৰ বিষ্ণু জ্যোতি নাট্য গোষ্ঠীৰ শুভমহুৰত
নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : কৰোনা মহামাৰীৰ বাবে সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিছিল ৷ সকলো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ লগতে বন্ধ হৈ পৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে ভ্ৰাম্যমাণ যাত্ৰা দল সমূহো ৷ বৰ্তমান দেশত কৰোনা পৰিস্থিতিৰ কিছু উন্নত হোৱাত প্ৰায় স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈছে ৷ ৫০ শতাংশ দৰ্শকৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে যাত্ৰা দলৰ নাট মঞ্চস্থ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে যদিও ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে সময় যথেষ্ট পাৰ হোৱাৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰ এইবছৰ আৰম্ভ নহ’ল ৷ ইয়াৰ বিপৰীতে কেৱল ধৰ্মীয় অনুষ্ঠানৰ লগত সম্পৰ্ক থকা যাত্ৰাদলৰ নাট প্ৰদৰ্শনৰ বাবে এতিয়াও সময় আছে ৷ সেয়েহে বিশেষকৈ নামনি অসমৰ যাত্ৰা দল সমূহ পলমকৈ হ’লেও বৰ্তমান নিজ নিজ আখৰাত ব্যস্ত আছে ৷ দক্ষিণ কামৰূপৰ অন্যতম শ্ৰেষ্ঠ যাত্ৰা নাট্য দল বিষ্ণু জ্যোতি নাট্য গোষ্ঠীৰ বৃহস্পতিবাৰে শুভ নাট্যাৰম্ভ অনুষ্ঠিত হয় ৷ নাট্য দলটোৰ প্ৰযোজক তথা জ্যেষ্ঠ সাংবাদিক বিপুল দাসৰ ছয়গাঁৱৰ বাসভৱনত আজি অনুষ্টুপীয়াকৈ পঞ্চদশ নাট্য বৰ্ষৰ শুভাৰম্ভ কৰা হয় ৷ যাত্ৰা দলটোৱে এইবাৰো পূৰ্বৰ দৰে তিনিখনকৈ নাট মঞ্চস্থ কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ ২০২০-২১ নাট্য বৰ্ষত মঞ্চস্থ কৰিবলগীয়া ধূৰ্জ্জতি বৰকাকতীৰ জীয়া জুই নামৰ নাট খন উন্মোচন কৰে বকো জে এন কলেজৰ অধ্যাপক ড° প্ৰাণেশ্বৰ নাথে ৷ আনহাতে বিশিষ্ট নাট্যকাৰ ভৱেন বৰুৱাৰ গাভৰু নোহোৱাই ভাল নাটক খন উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী তথা যুৱনেতা দেৱজিৎ কলিতাই ৷ আন এগৰাকী বিশিষ্ট নাট্যকাৰ নৃপেন মহন্তৰ চক্ৰবেহু নাটখন উন্মোচন কৰে বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী তথা আধ্যাপক লোহিত ৰাজবংশীয়ে ৷ ইয়াৰ আগেয়ে যাত্ৰাদলৰ শিল্পী সকলে নটৰাজ বন্দনা গোৱাৰ লগতে শিল্পী সকলে নিজ নিজ পৰিচয় দাঙি ধৰে ৷ শিল্পী সকলে জীয়া জুই নাটকৰ এটি দৃশ্য মঞ্চস্থ কৰে ৷ এই অনুষ্ঠানত বিশিষ্ট অভিনেতা তথা পৰিচালক অবিনাশ কলিতা,বিশিষ্ট শিল্পী শুক্লেশ্বৰ দাস আৰু সাংবাদিক তথা দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ সভাপতি ধীৰাজ কুমাৰ দাসে চমু ভাষণ দিয়ে ৷