বকোত জাতীয় সেনাৰ উদ্যোগত " শিশু দিৱস " উদযাপন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, November 14, 2020

বকোত জাতীয় সেনাৰ উদ্যোগত " শিশু দিৱস " উদযাপন

 বকোত জাতীয় সেনাৰ উদ্যোগত " শিশু দিৱস " উদযাপন


বকোৰ পৰা বিষ্ণু ৰাম দাস : সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ বকোতো আজি শিশু দিৱস উদযাপন কৰা হয়। জাতীয় সেনাৰ দক্ষিণ কামৰূপ জিলা মহিলা গোটৰ উদ্যোগত বকোস্থিত ধৰ্মশালা বজাৰৰ কাৰ্য্যালয় প্ৰাঙ্গনত দিনজোৰা কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা শিশু দিৱসৰ কাৰ্য্যসূচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে জাতীয় সংগঠনটোৰ সভানেত্ৰী অদিতি কলিতাই। দক্ষিণ কামৰূপ জিলা জাতীয় সেনাৰ মহিলা গোটৰ সম্পাদিকা সেউতী কলিতাই জনোৱা মতে শিশু দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা। ইফালে চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ সমুদায় মুঠ পুৰস্কাৰৰ বঁটা প্ৰদান কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ে। এই ক্ষেত্ৰত আৰক্ষী বিষয়া গৰাকীক শলাগ লয় জাতীয় সেনাই। বৃহত্তৰ অঞ্চলটোৰ বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকা উপস্থিত থকা অনুষ্ঠানটোত শিশু দিৱসৰ তাৎপৰ্য আৰু ইয়াক পালন কৰাৰ উপকাৰিতাৰ ওপৰত আলোকপাত কৰে ছয়গাঁওৰ যুৱ সমাজ কৰ্মী দেৱজিৎ কলিতাই। অনুষ্ঠানত শিশু সকলোক পুষ্টি আৰু নিউট্ৰিছন খাদ্যৰ ওপৰত বিশদভাৱে বক্তব্য ৰাখে চিকিৎসক ভূপালী কলিতাই। আনহাতে কাৰ্য্যসূচীৰ সফল ৰূপায়ণৰ পিছত অদিতি কলিতাই পৌৰহিত্য কৰা বঁটা বিতৰণী সভাত উপস্থিত থাকে বকোৰ যুৱ সমাজ কৰ্মী শ্যামল দত্ত ; ৰতন শৰ্মা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট অতিথি।


Post Bottom Ad

Responsive Ads Here