দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, November 14, 2020

দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত

 দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত

নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : গুৱাহাটী মহকুমা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাকক্ষত ক্লাৱৰ স্থায়ী সভাপতি ধীৰাজ কুমাৰ দাসৰ সভাপতিত্বত শনিবাৰে এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ দাস উদ্দেশ্য ব্যাখ্যা সভাত ১৯৯৬ চনত জন্ম লাভ জিলাখনৰ ঐতিহ্যপূৰ্ণ সাংবাদিক সাহিত্যিক তথা শিল্পীৰ সংগঠনটোৱে চলিত বৰ্ষত ২৫ বছৰত ভৰি দিয়ে। এই উপলক্ষে দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱে আগন্তুক ২০২১ বৰ্ষটো ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।  ক্লাৱৰ উপদেষ্টা মিলন কুমাৰ দাস, কমল চন্দ্ৰ মেধি, মোবাৰক হুছেইনসহ বহু সদস্য -সদস্যাৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ক্লাৱৰ উন্নয়ন, মিৰ্জাত থকা নিজস্ব ভূমিত স্থায়ী কাৰ্যালয় ভৱন নিৰ্মাণ, গাঁৱলৈ যাওঁ বলক, শিল্পী সাহিত্যিকক সম্বৰ্ধনা জনোৱা, বিশিষ্ট ব্যাক্তি তথা জনপ্ৰতিনিধিৰ সৈতে মুখামুখি অনুষ্ঠান আয়োজন কৰা, মাহেকীয়া বাৰ্তালোচনী প্ৰকাশ, প্ৰতিষ্ঠিত সংবাদ গোষ্ঠী, ৱেব প'ৰ্টেলৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক নতুন সদস্য ভৰ্তি আদি বিষয়ত বিশদভাৱে আলোচনা কৰে। দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ ঐতিহাসিক ২৫ বছৰীয়া বৰ্ণিল যাত্রাৰ সেন্দুৰীয়া পথত নতুনত্বৰ বীজ ৰোপনৰ মানসৰে প্ৰেছ ক্লাৱৰ এই যাত্ৰা পথত সমাজৰ সকলো শ্ৰেণীৰ লোকক ৰূপালী জয়ন্তী উদযাপনৰ কাৰ্যযসূচীত সামৰি লোৱা হ'ব বুলি জানিবলৈ দিয়ে সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ দাসে। এই সভাত কাৰ্যকৰী সভাপতি  অশ্বিনী কুমাৰ তালুকদাৰ, উপ-সভাপতি হেমন্ত কলিতা, আলোচনী সম্পাদক বিশ্বজিৎ কলিতা, সহ: সম্পাদক ফটিক ঠাকুৰীয়া, কাৰ্যালয় সম্পাদিকা সৰস্বতী ঠাকুৰীয়া আদি অংশগ্ৰহণ কৰে। সভাত ডিব্ৰুগড়ৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি আৰক্ষী প্ৰশাসনক উচিত তদন্ত কৰি দুষ্ট চক্ৰক গ্ৰেপ্তাৰ কৰি কঠোৰ     শাস্তি দাবী কৰে লগতে পৰাগ ভূূঞাৰ বিদেহ আত্ম্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় আৰু পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Attachments area


 

Post Bottom Ad

Responsive Ads Here