জুৱাৰ নামত আৰক্ষীৰ খেদাত যুৱকৰ পুখুৰীত পৰি মৃত্যু
নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : দক্ষিণ কামৰূপৰ ছয়গাঁৱত দীপাৱলীৰ উচাহৰ মাজতেই ঘটিল এক অঘটন। জুৱা খেল উচ্চেদ কৰিবলৈ যোৱাত আৰক্ষীৰ খেদাত দ পুখুৰীত পৰি কৰুণ মৃত্যু হ’ল এজন লোকৰ ৷ উল্লেখযোগ্য যে দীপাৱলীৰ নামত পাতি অহা জুৱাই চৌদিশে পৰিৱেশ বিঘ্নিত কৰাৰ সময়তেই দক্ষিণ কামৰূপৰ ছয়গাঁও আন্ধেৰিত এজন লোকৰ আৰক্ষীৰ খেদাত পুখুৰীত পৰি কৰুণ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছ। কেৱল সেয়াই নহয় কেইবাঘণ্টা ধৰি ৰাইজে আৰক্ষীৰ লোকক ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি ৰাখে ৷ জানিব পৰামতে কালি নিশা আন্ধেৰীৰ চ’কত কেইজনমান লোকে জুৱা পাতি থকা বুলি কোনো স্থানীয় লোকে ফোনযোগে আৰক্ষীক খবৰ দিয়ে ৷ তাৰ পিচতেই আৰক্ষীৰ এটি দল আন্ধেৰীত উপস্থিত হোৱাৰ সময়তেই জুৱাৰ দলটোৰ লোক সকল যেনিয়েই তেনিয়েই পলাবলৈ ধৰে ৷ সেই সময়ত আৰক্ষীয়ে দুজন লোকক আটক কৰে ৷ ইফালে ৰবীন দাস নামৰ লোকজনে দৌৰি পলাবলৈ চেষ্টা কৰোতে ওচৰৰে পুখুৰীত পৰি যায় ৷ আৰক্ষীয়ে ৰবীন দাস নামৰ লোকজনক দ পুখুৰীটোত পৰি মৃত্যৰ সৈতে যুঁজি থকাৰ পিচতো পুখুৰীটোৰ পৰা উঠোৱাৰ সলনি টৰ্চ মাৰি মাৰি তাক অতি ভয়হে দেখুৱাই ৷ কিছু সময় পিচতেই ৰবীন দাস নামৰ লোকজন পুখুৰীৰ দ পানীত কক বকাই মৃত্যুবৰণ কৰে ৷ কিন্ত তাৰ পিচতেই আৰক্ষীৰ দলটোৱে লোকজনক উদ্ধাৰৰ সলনি তাৰ পৰা গুছি যায় বুলি স্থানীয় লোকে জনায়৷ ইফালে স্থানীয় ৰাইজে জনোৱা মতে লোকজনে লগৰীয়াৰ সৈতে কালি নিশা প্ৰায় দহ বজাত আন্ধেৰী চকত পথৰ দাঁতিত বহি থকা সময়তেই ছয়গাঁৱৰ তহলদাৰী আৰক্ষীয়ে আহি জুৱা খেলি থকা বুলি খেদি যোৱাত সকলোৱে পলাই যায়। যাৰ ফলত ৰবীন দাস নামৰ লোকজনে দৌৰি পলাবলৈ লওঁতেই ওচৰতে থকা ৰাজহুৱা পুখুৰীত পৰি যায় । ফলত ৰবীন দাসৰ কৰুণভাৱে মৃত্যু হয়। আনহাতে আৰক্ষীয়ে উক্ত অঞ্চলটোৰ পৰাই সঞ্জয় দাস আৰু কৰুণা দাস নামৰ দুজন লোকক আটক কৰি লৈ যায়। আজি পুৱাই ৰবীন দাসৰ মৃতদেহ পুখুৰীত উদ্ধাৰ হোৱাৰ লগে লগেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আজি পুৱা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে দুটাকৈ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত আৰক্ষীক ঘেৰাও কৰি ৰাইজে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে আৰক্ষী গ’বেক ধ্বনিও দিয়ে ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে ৰাইজক বুজাই পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা কৰে যদিও ৰাইজৰ একাংশ লোক উত্তেজিত হৈয়ে থাকে ৷ আনকি পুখুৰীৰ পৰা মৃতদেহটো উঠাবলৈ নিদিয়ে একাংশ লোকে ৷ পিছত কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠক ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ লগত আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মৃতদেহটো পুখুৰীৰ পৰা উঠাই মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ স্থানীয় ৰাইজে অভিযোগ কৰামতে ৰবীন দাস পুখুৰীত পৰাৰ কথা জানিব পাৰিও ঘটনাস্থলীৰ পৰা আৰক্ষী লোক গুচি অহাৰ বাবেই মৃত্যু হৈছে । স্থানীয় ৰাইজে ইয়াৰ এক উচিত তদন্ত বিচাৰিছে ৷ আনহাতে আজিৰ এই উত্তপ্ত পৰিস্থিতি শান্ত কৰিবলৈ একাংশ সচেতন লোক আৰু আৰক্ষীয়ে চেষ্টা অব্যাহত ৰখাৰ সময়তেই ছয়গাঁৱৰ দুজন এটা ৰাজনৈতিক দলৰ কৰ্মীয়ে ৰাইজৰ মাজত সোমাই পৰিস্থিতি শান্ত কৰাৰ পৰিবৰ্তে ৰাইজক উচতাই উত্তেজিত কৰি তোলা বুলিহে একাংশ সচেতন লোকে অভিযোগ কৰে ৷