সাংবাদিক অৰ্ণৱ গোস্বামীৰ সমৰ্থনত বিজেপিৰ সংবাদ মেল
নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণব গোস্বামীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰদেশৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল । দক্ষিণ কামৰূপ জিলা বিজেপিৰ বাটৰহাতস্থিত কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলত অংশ লৈ অসম বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে অসম সন্তান তথা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণব গোস্বামীৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ বাবে চূড়ান্ত অপমান বুলি মন্তব্য কৰি শীঘ্ৰে মুক্তিৰ দাবী তোলে। কংগ্ৰেছ সমৰ্থিত মহাৰাষ্ট্ৰ চৰকাৰকো চোকা ভাষাৰে সমালোচনা কৰি অসম বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে ইন্দিৰা গান্ধীৰ শাসনৰ প্ৰসঙ্গও তুলি ধৰে। অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক সমালোচনা কৰি অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবী তুলিবলৈও আহ্বান জনায়।