ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ বঙৰাস্থিত টেকচিটি পৰিদৰ্শন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, November 4, 2020

ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ বঙৰাস্থিত টেকচিটি পৰিদৰ্শন

 ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ বঙৰাস্থিত টেকচিটি পৰিদৰ্শন

নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : ইজৰাইলৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ড০ ৰ'ণ মালকাই  বুধবাৰে গুৱাহাটীৰ আজাৰাৰ সমীপৱৰ্তী বঙৰাস্থিত টেকচিটী পৰিদৰ্শন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসমৰ জলসম্পদ, বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰ  মন্ত্ৰী কেশৱ মহন্ত আৰু এমট্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে এমট্ৰন, তথ্যপ্ৰযুক্তি বিভাগ আৰু জল সম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে। ৰাষ্ট্ৰদূত ড০ ৰ'ণ মালকাই টেকচিটিৰ সকলো দিশ চাই প্ৰসংশা কৰি কয় যে ইজৰাইলৰ শেহতীয়া উন্নত প্ৰযুক্তি ভাৰতৰ লগত বিনিময় বাবে ইজৰাইল আগ্ৰহী। তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বত ইজৰাইলৰ সুকীয়া সুকীয়া স্থান আছে বুলিও তেওঁ মন্তব্য কৰে।  আনহাতে  জল সম্পদ আৰু টেকনলজীৰ দিশত ইজৰাইলে সকলো ধৰণে সহায় সহযোগিতা কৰাৰ আশ্বাস দিয়ে বুলি মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে।ইজৰাইলৰ জল বিজ্ঞানী (water scientist) সকলে  অসমৰ গৰাখহনীয়া নিয়ন্ত্ৰণত   শেহতীয়া তথ্য প্ৰযুক্তিৰে সহায়ৰ বাবে আগ্ৰহী। তথ্য প্ৰযুক্তি আৰু জলসম্পদ বিভাগৰএটা দলক ইজৰাইলৰ লগত মতবিনিময়ৰ বাবে নিমন্ত্ৰণ দিছে । ইজৰাইললৈ দলটি পঠোৱাৰ পিছত ইজৰাইলৰ পৰা দুয়োটা বিভাগৰ বিশেষঞ্জৰ দল অসমলৈ লৈ অহাৰো আশ্বাস দিয়া বুলি জানিবলৈ দিয়ে।

Post Bottom Ad

Responsive Ads Here